ETV Bharat / state

কৰিমগঞ্জত ডকাইতি কৰিবলৈ আহি আটক দুই ডকাইত

author img

By

Published : Nov 23, 2020, 7:33 AM IST

কৰিমগঞ্জত দেওবাৰে নিশা ডকাইতি কৰিবলৈ আহি কৰিমগঞ্জ আৰক্ষীৰ হাতত আটক হ'ল দুই দুধৰ্ষ ডকাইত ৷ আটকাধীন ডকাইত দুটাৰ পৰা উদ্ধাৰ ডকাইতি কাৰ্যত ব্যৱহৃত বন্দুক আৰু চোকা অস্ত্ৰ ৷ আৰক্ষীৰ জেৰা অব্যাহত ৷

কৰিমগঞ্জত ডকাইতি কৰিবলৈ আহি আটক দুই ডকাইত
কৰিমগঞ্জত ডকাইতি কৰিবলৈ আহি আটক দুই ডকাইত

কৰিমগঞ্জ, 23 নৱেম্বৰঃ কৰিমগঞ্জত দেওবাৰে নিশা ডকাইতিৰ ঘটনা ৷ নিশা ডকাইতি কৰিবলৈ আহি আৰক্ষীৰ হাতত আটক হ'ল দুটাকে দুধৰ্ষ ডকাইত ৷ জানিব পৰা অনুসৰি ধৃত ডকাইত কেইটাই কৰিমগঞ্জৰ বাৰইগ্ৰামত ডকাইতি কৰিবলৈ আহিছিল ৷

উদ্ধাৰ ডকাইতি কাৰ্যত ব্যৱহৃত বন্দুক আৰু চোকা অস্ত্ৰ

অসম ত্ৰিপুৰা ৮নং ৰাষ্ট্ৰীয় ঘাঁই পথৰ চুড়াইবাড়ীত ডকাইতি কৰাৰ বাবে পৰিকল্পনা কৰিছিল চাৰিজনীয়া এটা ডকাইতৰ দলৰ | গোপন সূত্ৰৰ ভিত্তিত খবৰ পাই আৰক্ষীয়ে চাৰিফালে অসামৰিক পোছাকত এটা আৰক্ষীৰ বাহিনী নিয়োগ কৰে | নিশাৰ ভাগত দুজন ডকাইতে আন দুজন ডকাইতৰ সৈতে গাড়ীৰে ডকাইতিৰ স্থানলৈ যাবলৈ পৰিকল্পনা কৰি থকা অৱস্থাতে আৰক্ষীয়ে দুজন ডকাইতক আটক কৰিবলৈ সক্ষম হয় যদিও দলটোৰ আন দুজন ডকাইত পলাই যাবলৈ সক্ষম হয় ৷ আনহাতে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা AS-10C-9340 নম্বৰৰ এখন অল্টো গাড়ীসহ আন দুজন ডকাইত আটক কৰিবলৈ সক্ষম হয় ৷

ডকাইতিৰ পৰিকল্পনাৰে অহা ডকাইতৰ দলটোৰ আটক হোৱা সদস্য দুজনৰ পৰা এটা বন্দুক আৰু চোকা অস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ ধৃত ডকাইত কেইজন হৈছে- আব্দুল কুদ্দুছ আৰু আবুল হুছেইন | দুয়োটা ডকাইতৰ ঘৰ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি আৰক্ষী থানা এলেকাত | বৰ্তমান বাৰইগ্ৰাম পহৰা চকীত ৰাখি জেৰা অব্যাহত ৰাখিছে ডকাইত কেইটাক ৷

লগতে চাওকঃ ওড়িশাত মাওবাদী শিবিৰ উৎখাত চিআৰপিএফৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.