ETV Bharat / state

কৰিমগঞ্জত দুখনকৈ চৰকাৰী চাউল ভৰ্তি ট্ৰাক জব্দ - কৰিমগঞ্জত চাঞ্চল্য

কৰিমগঞ্জত আৰক্ষীৰ অভিযানত জব্দ দুখনকৈ চাউল ভৰ্তি ট্ৰাক(Two rice laden trucks seized in Karimganj) । ট্ৰাকৰ ভিতৰত উদ্ধাৰ যোগান বিভাগৰ বিনামূলীয়া চাউল ।

two pds rice loaded truck seized in karimganj
চৰকাৰী চাউল ভৰ্তি দুখনকৈ ট্ৰাক জব্দ কৰিমগঞ্জ আৰক্ষীৰ
author img

By

Published : Jun 12, 2022, 4:22 PM IST

কৰিমগঞ্জ,১২ জুন : কৰিমগঞ্জত দুখনকৈ চাউলভৰ্তি ট্ৰাক জব্দ হোৱা ঘটনাক লৈ বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য(Two rice laden trucks seized in Karimganj) । মিজোৰামলৈ সৰবৰাহ কৰাৰ সময়তে কৰিমগঞ্জ আৰক্ষীয়ে জব্দ কৰে চাউল ভৰ্তি ট্ৰাক দুখন । দুয়োখন ট্ৰাকত আছিল যোগান বিভাগৰ চাউল (FCI rice seized)। লগতে আটক কৰে ট্ৰাক দুখনৰ চালক আৰু সহযোগীক ।

এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলাইছিল অভিযান । অভিযানত জব্দ কৰে AS 11 BC 3392 আৰু ML 05 Y 1388 নম্বৰৰ দুখন ট্ৰাক আৰু জব্দ কৰে ৩৯০ বস্তা চাউল । কৰিমগঞ্জৰ ফকিৰাবজাৰ এলেকাৰ পৰা চাউলখিনি মিজোৰামলৈ সৰবৰাহৰ চেষ্টা চলাইছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

চৰকাৰী চাউল ভৰ্তি দুখনকৈ ট্ৰাক জব্দ কৰিমগঞ্জ আৰক্ষীৰ

এনেধৰণৰ সৰবৰাহৰে ফকিৰাবজাৰ এলেকাৰ জনৈক ডিলাৰ জড়িত থকাৰ তথ্য পোৱা গৈছে । একাংশ দুষ্টচক্ৰই ফকিৰাবজাৰ এলেকাৰ গোপন স্থানত যোগান বিভাগৰ চাউলৰ বস্তা সলনি কৰি আন বস্তাত প্ৰথমতে চাউল ভৰাই মিজোৰামলৈ সৰবৰাহ কৰাৰ অভিযোগো উত্থাপন হৈছে । আৰক্ষীৰ এই অভিযানত পুনৰ পোহৰলৈ আহিছে যোগান বিভাগত সংঘটিত হৈ থকা কেলেংকাৰীৰ আন এক ভয়ংকৰ তথ্য ।

লগতে পঢ়ক: PPE kit scam: চিবিআই তদন্তৰ দাবী অখিলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.