ETV Bharat / state

কৰিমগঞ্জত ৰাইজৰ হাতত আটক দুগৰাকী অপহৰণকাৰী! - অপহৰণকাৰী

ৰাইজৰ অভিযোগ অনুসৰি তিনিজনীয়া যুৱকৰ দল এটায়ে দুটি কণমানি শিশুক বলপূৰ্বকভাৱে এখন টেম্প বাহনত তুলি নিয়াৰ চেষ্টা চলাইছিল ৷

কৰিমগঞ্জত ৰাইজৰ হাতত আটক দুগৰাকী অপহৰণকাৰী!
author img

By

Published : Sep 16, 2019, 2:50 PM IST

কৰিমগঞ্জ, 16 চেপ্তেম্বৰঃ সোমবাৰে পুৱা কৰিমগঞ্জৰ বাটইয়া অঞ্চলৰ লস্কৰবাৰী এলেকাত স্থানীয় ৰাইজে অপহৰণৰ অভিযোগত দুজন লোকক আটক কৰে ৷ ৰাইজৰ অভিযোগ অনুসৰি তিনিজনীয়া যুৱকৰ দল এটাই দুটি কণমানি শিশুক বলপূৰ্বকভাৱে এখন টেম্প বাহনত তুলি নিয়াৰ চেষ্টা কৰে ৷ এই দৃশ্য দেখা পাই স্থানীয় মাছমৰীয়া লোকসকলৰ সন্দেহ ওপজাত তেওঁলোকে যুৱক কেইজনক আটক কৰে ৷ কিন্তু তিনিজনীয়া দলটোৰ পৰা এজন যুৱকে পলায়ন কৰিবলৈ সক্ষম হয় ৷

কৰিমগঞ্জত ৰাইজৰ হাতত আটক দুগৰাকী অপহৰণকাৰী!

আটকাধীন যুৱক দুজন ৰাজু দে আৰু জাবেদ আহমেদ বুলি জানিব পৰা গৈছে ৷ আৰু পলায়ন কৰা যুৱকজনৰ নাম চামিম আহমেদ ৷ ইপিনে অপহৰণকাৰী আটক হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ পৰে। একাংশ উত্তেজিত ৰাইজে টেম্প' খন ভাঙি চূৰমাৰ কৰাৰ লগতে দুই আটকাধীন যুৱকক গণপ্ৰহাৰ কৰে । অৱশ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে । আৰু দুই আটকাধীন যুৱকক আৰক্ষীয়ে নিজৰ জিম্মাত লয় ৷ উল্লেখ্য যে যোৱা সপ্তাহতো একে এলেকাত অপহৰণকাৰীৰ এটা দলে আন এগৰাকী শিশুক অপহৰণৰ চেষ্টা চলাইছিল যদিও ৰাইজৰ তৎপৰতাত বিফল হৈছিল দলটো।

Intro:Body:কৰিমগঞ্জত ৰাইজৰ হাতত আটক দুগৰাকী অপহৰনকাৰী । তিনিজনীয়া দলটোৰ এজন পলাই যাবলৈ সক্ষম ।

আজি পোৱাৰ ভাগত কৰিমগঞ্জৰ বাটইয়া অঞ্চলৰ লস্কৰবাৰী এলেকাত এখন টেম্প বাহনত দুটি কনমানি শিশুক বলপূৰ্বক গাড়ীত তুলাৰ দৃশ্য দেখা পাই স্থানীয় মাছমৰীয়া লোকৰ সন্দেহ হয় । আৰু পিছতেই স্থানীয় ৰাইজে চলাই অভিযান । আৰু অভিযান চলোৱাৰ সময়ত সামিম আহমেদ নামৰ এজন যুৱক পলাই যাবলৈ সক্ষম হৈছিল যদিও ৰাজু দে আৰু জাবেদ আহমেদ নামৰ দুই যুৱকক আটক কৰিবলৈ সক্ষম হৈছে । ইপিনে অপহৰনকাৰী আটক হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে উত্তপ্ত হৈ পৰে ঘঠনাস্থলী । একাংশ উত্তেজিত ৰাইজে টেম্প বাহন ভাঙি চুৰমাৰ কৰাৰ লগতে আৰম্ভ হয় সন্দেহজনক দুই যুৱকৰ উপৰত গনপ্ৰহাৰ । পিছে আৰক্ষীৰ উপস্থিতত পৰিস্থিতি নিয়ন্ত্ৰনলৈ আহে । দুই যুৱকক চমজাই দিয়া হয় আৰক্ষীৰ হাতত । উল্লেখযোগ্য যেন যোৱা সপ্তাহতো একে এলেকাত অপহৰনকাৰী এটা দলে আন এগৰাকী শিশুক অপহৰনৰ চেষ্টা চলাইছিল যদিও ৰাইজৰ ততপৰতাত বিফল হৈ পলাই যাবলৈ সক্ষম হৈছিল দলটো । কিন্তু আজি অবশেষত দুজনক ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ।
আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ
 Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.