ETV Bharat / state

সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীত জড়িত দুজনক গ্ৰেপ্তাৰ

author img

By

Published : Sep 23, 2020, 11:02 AM IST

কৰিমগঞ্জ আৰক্ষীয়ে সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীৰ সৈতে জড়িত ইকবাল হুছেন আৰু জমছেদ আহমেদ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰি কৰিমগঞ্জ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷ এই কাৰ্যৰ লগত জড়িত থকাৰ বহু নথি-পত্ৰ লোক দুজনৰ পৰা জব্দ কৰে আৰক্ষীয়ে ৷

TWO ARRESTS FOR INVOLVING IN MINORITY SCHORALSHIP SCAM, KARIMGANJ
সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীত জড়িত দুজনক গ্ৰেপ্তাৰ কৰিমগঞ্জত

কৰিমগঞ্জ,23ছেপ্টেম্বৰ: বুধবাৰে কৰিমগঞ্জ আৰক্ষীয়ে সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীৰ সৈতে জড়িত দুজন লোকক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ হোৱা লোক দুজন ইকবাল হুছেন আৰু জমছেদ আহমেদ বুলি চিনাক্ত কৰা হৈছে ৷ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক শুধন্য শুক্লবৈদ্যই পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত ডেফলয়ালা গাঁৱৰ পৰা দুয়োজনকে গ্ৰেপ্তাৰ কৰি কৰিমগঞ্জ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷ ইতিমধ্যে লোক দুজনৰ পৰা আৰক্ষীয়ে সংখ্যালঘু ছাত্ৰবৃত্তিৰ কেলেংকাৰীৰ লগত জড়িত থকাৰ বহু নথি-পত্ৰ লাভ কৰিছে ৷ লোক দুজনে এই কাৰ্যৰ লগত জড়িত বুলি আৰক্ষী অধিক্ষক শুধন্য শুক্লবৈদ্যৰ আগত স্বীকাৰোক্তি প্ৰদান কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি, ধৃত ইকবালে চাহ বিপনীৰ লগতে নিজ ঘৰতেই কম্পিউটাৰৰ কাম কৰে আৰু জমছেদে পাথাৰকান্দিৰ এখন ব্যক্তিগত ভেঞ্চাৰ কলেজত শিক্ষকতা কৰাৰ লগতে এখন কম্পিউটাৰৰ বিপনীৰ গৰাকী ৷

অন্য এক খবৰৰ বাবে: আইপিএল 2020 : চেন্নাইৰ বিৰুদ্ধে 16 ৰাণত জয়ী ৰাজস্থান ৰয়েলছ

ইফালে, কৰিমগঞ্জৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সংখ্যালঘু ছাত্ৰবৃত্তিত কোটি-কোটি টকাৰ কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন কৰি জিলাখনৰ বিভিন্ন আৰক্ষী থানাত পাঁচখনকৈ এফআইআৰ দাখিল কৰিছে ৷ সংগঠনটোৱে এই কাৰ্যৰ লগত আন বহু লোক জড়িত আছে বুলি মন্তব্য কৰি অতি শীঘ্ৰে আন লোককেইজনৰ ক্ষেত্ৰতো উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ৷ অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰো ভাবুকি প্ৰদান কৰে সংগঠনটোৰ সদস্যসকলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.