ETV Bharat / state

দলীয় বিধায়কৰ বিসম্বাদৰ সন্মুখীন বিপ্লৱ কুমাৰ দেৱ - tripura

ত্ৰিপুৰাৰ উন্নয়নৰ সপোন দেখাই হয়তো তেওঁৰ ভুল আছিল ৷ যাৰ বাবে একাংশ দলীয় বিধায়কেই কমিছনৰাজ চলাব বিচাৰিছিল ৷ তেওঁলোকৰ উদ্দেশ্যত সফল নোহোৱাৰ বাবেই বিসম্বাদ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিপ্লৱ কুমাৰ দেৱে ৷

tripura-political-situation
দলীয় বিধায়কৰ বিষম্বাদৰ সন্মুখীন বিপ্লৱ কুমাৰ দেৱ
author img

By

Published : Dec 10, 2020, 9:35 PM IST

কৰিমগঞ্জ, 10 ডিচেম্বৰ : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ চৰকাৰত এতিয়া চলিছে মুকলি বিসম্বাদ ৷ একাংশ দলীয় বিধায়কৰ বিসম্বাদৰ সন্মুখীন হৈছে বিপ্লৱ কুমাৰ দেৱ ৷ বিজেপিৰ ত্ৰিপুৰাৰ পৰ্যবেক্ষককৰ দ্বায়িত্বত থকা ভি.কে. সোণকাৰৰ ত্ৰিপুৰা ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীৰ মুকলি বিদ্ৰোহত নামি পৰিছিল একাংশ বিজেপি বিধায়ক ৷ দিছিল " বিপ্লৱ কুমাৰ দেৱ হটাও ত্ৰিপুৰা বাচাও " শ্ল‘গানো ৷ অৱশেষত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ যোগ্যতা আগন্তুক 13 ডিচেম্বৰ তাৰিখে আগৰতলাৰ অস্তাবল ময়দানত ৰাইজে নিৰ্ধাৰণ কৰিব বুলি ঘোষণা কৰে ৷

দলীয় বিধায়কৰ বিষম্বাদৰ সন্মুখীন বিপ্লৱ কুমাৰ দেৱ

আনহাতে বিসম্বাদী দলীয় বিধায়কে এই ক্ষেত্ৰত দিল্লীৰ হস্তক্ষেপৰ দাবী জনায় ৷ অৱশেষত হাইকামাণ্ডৰ হস্তক্ষেপৰ ফলত একপ্ৰকাৰ ওলমি থকা মুখ্যমন্ত্ৰীৰ চকীখন সাময়িক স্থিতিশীল অবস্থাত ঘুৰি আহিল । এই ঘটনাই সমগ্ৰ ৰাজ্যখনৰে ৰাজনৈতিক পৰিৱেশক উত্তাল কৰি তোলে ৷

ইফালে বিপ্লৱ কুমাৰ দেৱে কয় যে, ত্ৰিপুৰাৰ উন্নয়নৰ সপোন দেখাই হয়তো তেওঁৰ ভুল আছিল ৷ যাৰ বাবে একাংশ দলীয় বিধায়কেই কমিছনৰাজ চলাব বিচাৰিছিল ৷ তেওঁলোকৰ উদ্দেশ্যত সফল নোহোৱাৰ বাবেই বিসম্বাদ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিপ্লৱ কুমাৰ দেৱে ৷

লগতে পঢ়ক: বিত্তীয় সংকট : প্ৰাপ্যৰ দাবীত ৰাজপথত ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.