ETV Bharat / state

Heat Wave in Tripura : গ্ৰীষ্ম প্ৰবাহৰ বাবে ত্ৰিপুৰাত বিদ্যালয় বন্ধ ঘোষণা

author img

By

Published : Apr 18, 2023, 7:32 AM IST

দেশত তাপ প্ৰবাহে ভয়ানক ৰূপ ধাৰণ কৰিছে । কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে দেশৰ তাপ প্ৰবাহৰ কবলত পৰা ৩৬ খন চহৰৰ তালিকা (heat wave hits across India) । সোমবাৰৰ দিনটোত দেশত সৰ্বোচ্চ তাপমাত্ৰা আছিল ৪৪.৬ ডিগ্ৰী ছেলচিয়াছ। ত্ৰিপুৰাতো বৃদ্ধি পাইছে উষ্ণতা । যাৰ বাবে চৰকাৰে এসপ্তাহৰ বাবে সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে ।

heat waves Tripura
দেশত তাপ প্ৰবাহে ভয়ানক ৰূপ ধাৰণ কৰিছে

কৰিমগঞ্জ, ১৮ এপ্ৰিল : গ্ৰীষ্মৰ আৰম্ভণিৰ লগে লগে যেন ৰবি দেৱতাই ৰঙাচকু দেখুৱাবলৈ আৰম্ভ কৰিছে । যাৰ বাবে চ'তৰ অন্তিম দুদিনমানৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে উষ্ণতা (temperature rises in India) । এই উষ্ণতাৰ মাত্ৰা ইমানেই ঊৰ্ধ্বমুখী হৈছে যে বহুকেইখন ৰাজ্যই ইয়াৰ ওপৰত সতৰ্কতা জাৰি কৰিছে (high alert for increasing temperature) । লগতে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য় হৈছে । তাপ প্ৰবাহে এক প্ৰকাৰ বিপৰ্যস্ত কৰি তুলিছে প্ৰাত্যহিক জীৱন-যাত্ৰা (alert for heat wave in India) । অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাতো শেহতীয়া দিনকেইটাত তীব্ৰভাৱে বৃদ্ধি হৈ আহিছে উষ্ণতা (heat wave in Tripura) । যাৰ বাবে সৃষ্টি হৈছে তাপ প্ৰবাহৰ ।

আনহাতে, এই তাপ প্ৰবাহৰ ফলত বৃদ্ধি পাইছে স্বাস্থ্যজনিত বিপদ । যাৰ বাবে ত্ৰিপুৰা চৰকাৰে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে । তাৰেই পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ চৰকাৰে বিদ্যালয়সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ৬ দিনৰ বাবে ৰাজ্যৰ বিদ্যালয়সমূহ বন্ধৰ নিৰ্দেশ দিছে ত্ৰিপুৰা চৰকাৰে (Tripura Govt declared schools closed for heat wave) । সেই অনুসৰি, ১৮ এপ্ৰিলৰ পৰা অহা ২৩ এপ্ৰিললৈকে ত্ৰিপুৰাত সকলো চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয় বন্ধ ঘোষণা কৰিছে ।

লগতে ৰাজ্যখনৰ সকলো ব্যক্তিগত বিদ্যালয়ো বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে নিৰ্দেশ জাৰি কৰিছে । এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাই । তাত ত্ৰিপুৰাত চৰম গৰমৰ বাবে ৬ দিনীয়া বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে । অত্যধিক তাপ প্ৰবাহে ছাত্ৰ-ছাত্ৰীৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকাত বিদ্যালয়সমূহ বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ত্ৰিপুৰা চৰকাৰে ।

ত্ৰিপুৰাত বিদ্যালয় বন্ধৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
দেশত তাপ প্ৰবাহে ভয়ানক ৰূপ ধাৰণ কৰিছে

উল্লেখ্য, এইবাৰ চ'তৰ শেষৰ পৰাই যি তাপ প্ৰবাহ আৰম্ভ হৈছে তাৰ বাবে এক চিন্তনীয় পৰিৱেশৰ সৃষ্টি হৈছে । ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে দেশৰ তাপ প্ৰবাহৰ কবলত পৰা চহৰসমূহৰ তালিকা প্ৰকাশ কৰিছে । আনহাতে, যোৱা সোমবাৰৰ দিনটোত বহুকেইখন চহৰৰ তাপমাত্ৰাই ৪২ ডিগ্ৰী ছেলচিয়াছ অতিক্ৰম কৰিছে । সোমবাৰৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা ৰেকৰ্ড হৈছে ৪৪.৬ ডিগ্ৰী ছেলচিয়াছ । উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত সোমবাৰৰ দিনটোত এই সৰ্বোচ্চ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে ।

আনহাতে, ইয়াৰ পিচত ওড়িশাৰ বড়িপাৰা ৪৪.২ আৰু উত্তৰ প্ৰদেশৰ ঝান্সীত সোমবাৰৰ দিনটোত তাপমাত্ৰা হৈছে ৪৩.৬ ডিগ্ৰী ছেলচিয়াছ । বতৰ বিজ্ঞান বিভাগে মুঠ ৩৬ খন চহৰক এই তাপ প্ৰবাহৰ কবলত পৰাৰ সতৰ্কতা জাৰি কৰিছে । উল্লেখ্য, পশ্চিমবংগতো শেহতীয়া দিনকেইটাত তাপমাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে । যাৰ বাবে বংগ চৰকাৰে পুনৰ এসপ্তাহৰ বাবে বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছে ।

লগতে পঢ়ক :Bihar Hooch Tragedy: বিহাৰত বৰ্তমানলৈকে 37 জনৰ প্ৰাণ কাঢ়িলে বিষাক্ত সুৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.