ETV Bharat / state

সোমবাৰে বৰাকলৈ কংগ্ৰছৰ 4 শীৰ্ষ নেতা

author img

By

Published : Oct 11, 2020, 10:46 PM IST

দলৰ ভেটি শক্তিশালী আৰু সবল কৰাৰ উদ্দেশ্যে এলানি কাৰ্যসূচী হাতত লৈ শীঘ্ৰে কৰিমগঞ্জলৈ ৰাওনা হ'ব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ৷ সভাপতিগৰাকীৰ লগতে জাতীয় কংগ্ৰেছৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক তথা সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইন ৷

APCC President Ripun Bora in Karimganj for many programme
এলানি কাৰ্যসূচী লৈ কৰিমগঞ্জত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা

কৰিমগঞ্জ, 11 অক্টোবৰ : ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহৰ তৎপৰতা ৷ তাৰেই পৰিপ্ৰেক্ষিতত দলৰ ভেটি শক্তিশালী আৰু সবল কৰাৰ উদ্দেশ্যে এলানি কাৰ্যসূচী হাতত লৈ সোমবাৰে কৰিমগঞ্জলৈ ৰাওনা হ'ব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ৷

সভাপতিগৰাকীৰ লগতে অংশগ্ৰহণ কৰিব জাতীয় কংগ্ৰেছৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক তথা সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইনেও ৷ প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃবৰ্গই জিলাখনৰ বিভিন্ন সমস্যাৰ লগতে দলীয় স্থিতি সন্দৰ্ভত বিস্তাৰিত আলোচনাৰ বাবে দক্ষিণ কৰিমগঞ্জৰ নিলামবাজাৰত এক কর্মী সভাতো যোগদান কৰিব বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃপঞ্জাৱৰ 29 টা সংগঠনক কৃষক আইন সন্দৰ্ভত আলোচনাৰ বাবে আমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.