ETV Bharat / state

অসম ত্ৰিপুৰা সীমান্তত তিনি নাইজেৰিয়ান নাগৰিক আটক

author img

By

Published : Nov 7, 2020, 9:58 AM IST

বাংলাদেশৰ পৰা অবৈধভাৱে ত্ৰিপুৰাত প্ৰৱেশ কৰি অসম হৈ দিল্লী যোৱাৰ উদ্দেশ্য বাহৰ পাতিছিল যুৱক কেইজনে ৷ যুৱক কেইজনৰ সৈতে নাছিল কোনো বৈধ প্ৰমাণ পত্ৰ ৷

three-nizerian-arrested-at-karimganj
অসম ত্ৰিপুৰা সীমান্তত তিনি নাইজেৰিয়ান নাগৰিক আটক

কৰিমগঞ্জ, 7 নৱেম্বৰ: পুনৰ অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত আৰক্ষীয়ে জালত পৰিছে তিনিজনকৈ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা নাইজেৰিয়ান নাগৰিক ৷ শুকুৰবাৰে নিশা কৰিমগঞ্জ আৰক্ষীয়ে 8 নং ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা তালাচীত AS-24C-9995 নম্বৰৰ নৈশ বাছ খনৰ পৰা আটক হয় নাইজেৰিয়ান নাগৰিক কেইজন ৷ আটক হোৱা তিনিজন যুৱক কেইজন হৈছে ক্ৰমে FERGIMEANEG MMADUBUKO (31), SYLVANUSS NWAWURU (30) আৰু IOICIN NWACHUKWI NWANOKWARA (29) ৷ যুৱক কেইজনে ত্ৰিপুৰাৰ ধৰ্মনগৰৰ পৰা গুৱাহাটীলৈ যোৱাৰ উদ্দেশ্যেৰে বাছখনত উঠিছিল বুলি জনাইছে আৰক্ষীয়ে ৷

আৰক্ষীয়ে জনোৱা অনুসৰি,অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা নাইজেৰিয়ান যুৱক কেইজনৰ সৈতে নাছিল কোনো বৈধ প্ৰমাণ পত্ৰ ৷ যুৱক কেইজনৰ পৰা আৰক্ষীয়ে আমেৰিকান ডলাৰ,নাইজেৰিয়ান নাইৰা আৰু ভাৰতীয় টকা উদ্ধাৰ কৰিছে । বাংলাদেশৰ পৰা অবৈধভাৱে ত্ৰিপুৰাত প্ৰৱেশ কৰি অসম হৈ দিল্লী যোৱাৰ উদ্দেশ্য বাহৰ পাতিছিল যুৱক কেইজনে ৷ উল্লেখ্য যে,ত্ৰিপুৰা আৰক্ষীৰ চকুত ধূলি দিবলৈ সক্ষম যদিও অসমত প্ৰৱেশ কৰাৰ লগে লগে কৰিমগঞ্জ আৰক্ষীৰ জালত পৰে তিনিওজন নাইজেৰিয়ান যুৱক ৷

লগতে পঢ়কঃ পূৱ বিলাসীপাৰাত তিনিশ লিটাৰ চুলাই মদ ধ্বংস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.