ETV Bharat / state

হত্যাত জড়িতৰ অভিযোগত তিনিগৰাকীক আটক আৰক্ষীৰ - কৰিমগঞ্জ

কৰিমগঞ্জৰ লামাবাহাদুৰ গাঁৱত সংঘটিত হত্যাকাণ্ডত জড়িত তিনিজন লোকক আটক আৰক্ষীৰ ৷ নিলাম বজাৰ আৰক্ষীয়ে আটক কৰা লোককেইজন হৈছে- ৰঞ্জিত ৰবিদাস, সাগৰ ৰবিদাস আৰু ৰণ্টুলাল ৰবিদাস ৷

three accused of murder caught in karimganj assam etv bharat news
কৰিমগঞ্জৰ হত্যাকাণ্ড
author img

By

Published : Oct 28, 2020, 7:59 PM IST

কৰিমগঞ্জ,28 অক্টোবৰ: বিগত সোমবাৰে কৰিমগঞ্জৰ লামবাহাদুৰ গাঁৱত সংঘটিত হৈছিল এক হত্যাকাণ্ডৰ ঘটনা ৷ ঘটনাৰ বিৱৰণী অনুসৰি, অটো ৰিক্সা মেৰামতিৰ বাবে যোৱা কুবাদউদ্দিন নামৰ এজন লোক ঘৰলৈ উভটি অহা নাছিল ওৰে নিশা ৷ পিছদিনা ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ হৈছিল ৰণ্টুলাল ৰবিদাস নামৰ ব্যক্তিগৰাকীৰ বাসগৃহৰ সমীপৰ পথাৰত ৷

উক্ত ঘটনা সম্পৰ্কে স্থানীয় ৰাইজে খবৰ দিয়ে নিলাম বজাৰ আৰক্ষীক ৷ প্ৰাপ্ত খবৰৰ ভিত্তিত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আৰম্ভ কৰে তদন্ত প্ৰক্ৰিয়া ৷ ইপিনে এই ঘটনাৰ পিছতে সমগ্ৰ এলেকাত উত্তেজনা বিয়পি পৰে ৷ অৱশেষত আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি আটক কৰে তিনিগৰাকী ব্যক্তিক ৷ আৰক্ষীয়ে আটক কৰা লোককেইজন হৈছে- ৰঞ্জিত ৰবিদাস, সাগৰ ৰবিদাস আৰু ৰণ্টুলাল ৰবিদাস ৷ ঘটনা সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে চাওকঃ খোদ মুন্না প্ৰসাদ গুপ্তাই চলাইছে JEE জালিয়াতিৰ তদন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.