ETV Bharat / state

কৰিমগঞ্জ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ চিলনী চোৰ - শিৱম দাস আৰু বিকি হৰিজনক গ্ৰেপ্তাৰ কৰিমগঞ্জ আৰক্ষীৰ

বিগত ২৪ এপ্ৰিলত কৰিমগঞ্জৰ বনমালী ৰোডৰ জ্যোতিকা বর্ধন নামৰ এগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিয়া শিৱম দাস আৰু বিকি হৰিজনক গ্ৰেপ্তাৰ কৰিমগঞ্জ আৰক্ষীৰ ।

Karimganj thief arrested
অৱশেষত কৰিমগঞ্জ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ দুই চিলনী চোৰ
author img

By

Published : May 8, 2021, 12:58 PM IST

কৰিমগঞ্জ,৮ মে': অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ দুই চিলনী চোৰ ৷ এগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি পলায়ন কৰা দুই চিলনী চোৰক কৰায়ত্ত কৰে কৰিমগঞ্জ আৰক্ষীয়ে ৷ চহৰখনৰ বনমালী ৰোডৰ পৰা শিৱম দাস আৰু লক্ষীবজাৰৰ পৰা বিকি হৰিজন নামৰ দুই চিলনী চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কৰিমগঞ্জ আৰক্ষী ৷

উল্লেখযোগ্য যে, বিগত ২৪ এপ্ৰিলত কৰিমগঞ্জৰ বনমালী ৰোডৰ জ্যোতিকা বর্ধন নামৰ এগৰাকী মহিলাৰ ডিঙিৰ পৰা শিৱম দাস আৰু বিকি হৰিজনে সোণৰ চেইন কাঢ়ি নি পলায়ন কৰিছিল । মঙলবাৰে পুৱা মহিলাগৰাকীয়ে প্ৰাতঃভ্ৰমণ কৰাৰ সময়তে সংঘটিত হৈছিল এই ঘটনা । চহৰখনৰ মাজমজিয়াত থকা আৰক্ষী অধীক্ষকৰ বাসভৱনৰ সন্মুখতে এই ঘটনা সংঘটিত হৈছিল ।

এই ঘটনা সংঘটিত হোৱাৰ পাচতে কৰিমগঞ্জ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৪০৯/২০২১, ইউ/এছ-৩৯২ নম্বৰত ৰুজু কৰিছিল গোচৰ । সম্প্ৰতি কৰিমগঞ্জ আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে ধৃত দুই চিলনী চোৰক ।

লগতে পঢ়ক: তেজপুৰত লক ডাউন ঘোষণাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.