কৰিমগঞ্জ, 18 জানুৱাৰীঃ কৰিমগঞ্জ জিলাৰ ৰামকৃষ্ণনগৰ শিক্ষা খণ্ডৰ অধিনত থকা ৫১৫ নং ফাখোৱাগ্ৰাম বিদ্যালয়ৰ শিক্ষয়ত্ৰী চুমা ভট্টাচাৰ্য বিদ্যালয়ত উপস্থিত নথকাৰ অভিযোগ ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকৰ ৷ বিগত দুবছৰে বিদ্যালয়ত উপস্থিত নাই শিক্ষয়ত্ৰীগৰাকী ফলত বিদ্যালয়ৰ পৰা প্ৰ-পত্ৰ পোৱা নাই ছাত্ৰ-ছাত্ৰীসকলে ৷ লগতে মধ্যাহ্ন ভোজনৰ পৰাও বঞ্চিত কৰা হৈছে ছাত্ৰ-ছাত্ৰীসকলক ৷
বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ অৱসৰ গ্ৰহণৰ পাছতে বিদ্যালয়খনত এনেধৰণৰ সমস্যাৰ সৃষ্টি হোৱা বুলি অভিযোগ কৰে অভিভাৱকসকলে ৷ আনহাতে শিক্ষয়ত্ৰীগৰাকী দুবছৰ ধৰি অনুপস্থিত থকাৰ পাছতো সম্পূৰ্ণ উপস্থিতি আৰু দৰমহা পায় থকাৰ ফলত উগ্ৰমূৰ্তি ধৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলে ৷ সেয়ে শনিবাৰে শিক্ষয়ত্ৰীগৰাকীৰ এনে কাৰ্যৰ বিৰোধিতা কৰি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে বিদ্যালয় চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে ৷