কৰিমগঞ্জ,20 মে': ক্ৰমাৎ কৰিমগঞ্জত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ ৷ চহৰখনৰ চেটেলমেণ্ট ৰোডৰ দক্ষিণা কালীবাড়িত নিশা চোৰে চলালে চুৰিৰ অপচেষ্টা ৷ চোৰে তলা ভাঙি মন্দিৰটোৰ সামগ্ৰী লণ্ড-ভণ্ড কৰে যদিও কোনো সামগ্ৰী নিবলৈ সক্ষম নহ'ল ৷ পূৰ্বতেও মন্দিৰটোত চোৰে চুৰি কাৰ্য সংঘটিত কৰাৰ অপচেষ্টা চলাইছিল ৷
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এচাম লোকে মন্দিৰত আক্ৰমণ তথা চুৰি কাণ্ড সংঘটিত কৰি ৰাইজৰ মাজত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা চলাইছে ৷ সম্প্ৰতি ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷