ETV Bharat / state

চিপ লোৱা অৱস্থাত উদ্ধাৰ নিৰুদ্দিষ্ট নাবালিকাৰ মৃতদেহ

কৰিমগঞ্জৰ জতুৱা গাঁৱত ডিঙিত চিপ লগা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী নাবালিকাৰ মৃতদেহ ৷ বিগত শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল নাবালিকাগৰাকী ৷ নাবালিকাগৰাকীৰ মৃত্যু আত্মহত্যা নহৈ পৰিকল্পিত হত্যাকাণ্ড হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷

The body of a missing minor rescued while being chipped in karimganj assam etv bharat news
নিৰুদ্দিষ্ট নাবালিকাৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Aug 9, 2020, 1:21 PM IST

কৰিমগঞ্জ,9 আগষ্ট: কৰিমগঞ্জ জিলাত দেওবাৰে সংঘটিত হৈছে এক অঘটন ৷ কৰিমগঞ্জৰ জতুৱা গাঁৱত ডিঙিত চিপ লগা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী নাবালিকাৰ মৃতদেহ ৷ উক্ত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত ৷ নাবালিকা গৰাকীৰ মাতৃয়ে এইক্ষেত্ৰত জানিবলৈ দিয়া অনুসৰি বিগত শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল নাবালিকাগৰাকী ৷ নাবালিকাগৰাকী নিৰুদ্দেশ হোৱাৰ পিছতে পৰিয়ালবৰ্গলৈ এটা ফোনকল আহে য’ত এগৰাকী যুৱকে নাবালিকগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ কথা ব্যক্ত কৰে ৷ লগতে বিয়া অনুষ্ঠিত কৰিবৰ বাবে নাবালিকাগৰাকী এনেদৰে ঘৰৰ পৰা অহা বুলিও ব্যক্ত কৰে যুৱকগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত নাবালিকাগৰাকীৰ পৰিয়ালৰ লোকে যুৱকগৰাকীৰ সৈতে ফোনযোগে যোগাযোগ কৰাত বিভিন্ন অজুহাত দেখুওৱাত নাবালিকাগৰাকীৰ সৈতে পৰিয়ালৰ লোকে যোগাযোগ স্থাপন কৰিবলৈ ব্যৰ্থ হয় ৷

নিৰুদ্দিষ্ট নাবালিকাৰ মৃতদেহ উদ্ধাৰ

অৱশেষত দেওবাৰে নাবালিকাগৰাকীৰ বাসগৃহৰ সমীপৰ অন্য এগৰাকী শিশুৱে অঞ্চলটোৰ এক পৰিত্যক্ত ঘৰত চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে নিৰুদ্দেশ হৈ থকা নাবালিকাগৰাকীৰ মৃতদেহ ৷ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নাবালিকাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷ এই পৰ্যন্তলৈকে ঘটনা সন্দৰ্ভত কোনো লোকক সোধ-পোচৰ বাবে আটক কৰা নাই আৰক্ষীয়ে ৷ নাবালিকাগৰাকীৰ মৃত্যু আত্মহত্যা নহৈ পৰিকল্পিত হত্যাকাণ্ড হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷

লগতে চাওকঃ বন বিভাগৰ অভিযানত জব্দ অবৈধ বালি ভৰ্তি ডাম্পাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.