কৰিমগঞ্জ, 18 জুলাই : এটা দীঘলীয়া যান জঁট ৷ প্ৰায় দহ কিলোমিটাৰ পথ জুৰি আৱদ্ধ হৈ আছে সহস্ৰাধিক ট্ৰাক ৷ পাঁচ-ছদিন ধৰি এনেকৈয়ে আৱদ্ধ হৈ আছে এই ট্ৰাক সমূহ ৷ বহিঃৰাজ্যৰ পৰা খাদ্যসামগ্ৰী কঢ়িয়াই অনা এই সমূহ ট্ৰাক অসম-ত্ৰিপুৰা সীমান্তৰ চুড়াইবাৰীত ৰৈ থাকিব লগীয়া হৈছে ৷ কাৰণ ত্ৰিপুৰাত প্ৰৱেশৰ পূৰ্বে কৰা হয় ট্ৰাক চলক আৰু শ্ৰমিকৰ ক'ভিড-19 পৰীক্ষা ৷ কিন্তু এই পৰীক্ষণ প্ৰক্ৰিয়া ইমানেই লেহেমীয়া গতিত চলিছে যে, চাৰি দিনত মাত্ৰ প্ৰায় এক-ডেৰ কিলোমিটাৰহে আগুৱাবলৈ সক্ষম হৈছে ট্ৰাক সমূহ ৷
সহস্ৰাধিক ট্ৰাক এইদৰে ৰৈ থাকিব লগীয়া হোৱাত সমস্যাৰ সন্মুখীন হৈছে চালক-হেণ্ডিমেনসকল ৷ অনাকাংক্ষিত অৱস্থাৰ বাবে প্ৰচুৰ খাদ্য আৰু খোৱা পানীৰ সংকটে দেখা দিছে তেওঁলোকৰ মাজত ৷ লেহেমীয়া পৰীক্ষণ ব্যৱস্থাৰ প্ৰতি ব্যাপক ক্ষোভ প্ৰকাশ কৰিছে চালক সকলে ৷ তেওঁলোকৰ মতে, চৰকাৰে ক'ভিড-19 ব্যৱস্থা কৰিছে ঠিকেই, কিন্তু জনতাৰ সেৱা কৰা এইসকল চালকৰ বাবেও চিন্তা কৰা উচিত ৷ হাবিময় এলেকা, তাতে মহামাৰীৰ ত্ৰাস, খাদ্য আৰু পানীৰ সংকট ৷ তাৰ মাজত এতিয়া এই সকল ট্ৰাক চালকৰ চিন্তা বাঢ়িছে , কেতিয়া উদ্ধাৰ হ'ব এই সংকটৰ পৰা, কেতিয়া পাবগৈ আগৰতলা ৷
লগতে পঢ়ক : বানে উটুৱাই নিলে কৃষকৰ সজাল ধৰা কঠিয়া