ETV Bharat / state

শিক্ষকতা বৃত্তিক কলুষিত কৰি থানাৰ আলহী হ'ল শিক্ষক

author img

By

Published : Jun 11, 2021, 3:55 PM IST

গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কৰিমঞ্জৰ শিক্ষা বিষয়া আৰু আৰক্ষীয়ে চলোৱা অভিযানত কৰিমগঞ্জৰ নিলামবজাৰৰ এজন শিক্ষকৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া যোগান ধৰা বুজন পৰিমানৰ বহী ৷

teacher-arrested-at-kamrimganj-for-violate-job-role
শিক্ষকতা বিত্তিক কলুষিত কৰি থানাৰ আলহী হ'ল শিক্ষক

কৰিমগঞ্জ,11 জুন : শিক্ষকৰ দৰে মহান বৃত্তিক পুনৰ এবাৰ কলুষিত কৰিলে কৰিমগঞ্জৰ নিলামবজাৰৰ এজন শিক্ষকে ৷ স্থানীয় ৰাইজে দিয়া খবৰৰ ভিত্তিত দক্ষিণ কৰিমগঞ্জ শিক্ষাখণ্ডৰ খণ্ড শিক্ষা বিষয়া নন্দিনী মুখাৰ্জীয়ে আৰক্ষী সহ অভিযান চলাই নিলামবজাৰৰ কোৰক বিকাশ বিদ্যাংগন বিদ্যালয়ৰ শিক্ষক ভোলা দাসৰ বাসগৃহৰ পৰা বুজন পৰিমানৰ বিনামূলীয়া বহী জব্দ কৰে ৷ ইয়াৰ পাছতে উদ্ধাৰ হোৱা বহী সমূহ জব্দ কৰাৰ লগতে শিক্ষক গৰাকীক নিলামবজাৰ থানালৈ নি সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ এই ঘটনাৰ পাছতে কৰিমগঞ্জৰ আনসকল শিক্ষকৰ মাজত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়া ৷

উল্লেখ্য যে, প্ৰকৃততে নিলামবজাৰৰ খয়েৰ উদ্দিন নামৰ এজন লোকৰ দোকানত চৰকাৰী বিনামূলীয়া বহী বিক্ৰী কৰাৰ খবৰ আৰক্ষীক যোগান ধৰিছিল স্থানীয় একাংশ সচেতন লোকে ৷ সেই সংক্ৰান্ততে দোকান খনত অভিযান চলাই বুজন পৰিমানৰ বহী জব্দ কৰে আৰক্ষীয়ে ৷ লগতে দোকানী গৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত শিক্ষক গৰাকীৰ বাসগৃহতো অভিযান চলাইছিল আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্য়াহত ৰাখিছে আৰক্ষীয়ে ৷ দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে সচেতন ৰাইজে ৷

লগতে পঢ়কঃ বিশ্বনাথৰ চিকিৎসক আক্ৰমণৰ ঘটনাৰে জড়িত ২ অভিযুক্তক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.