কৰিমগঞ্জ, 4 ডিচেম্বৰ: কাটিগড়াত সংঘটিত এক পথ দুৰ্ঘটনাৰ ফলত ৫ গৰাকীকৈ ছাত্ৰই মৃত্যুক সাৱটি লৈছিল । দুৰ্ঘটনাৰ পাচৰে পৰাই কৰিমগঞ্জৰ ভিন্ন প্ৰান্তত অব্যাহত আছে চেপা উত্তেজনা ।
ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন হৈছে স্থানীয় বিধায়ক অমৰ চান্দ জৈন আৰু একাংশ আৰক্ষীৰ বিৰুদ্ধে । যাৰ ফলশ্ৰুতিত উন্মেষ ঘটিছিল এক প্ৰতিবাদমুখৰ পৰিৱেশৰ । প্ৰতিবাদকাৰী ছাত্ৰ এগৰাকীক কাছাৰ প্ৰশাসনে বিধায়ক আৰু আৰক্ষীৰক আক্ৰমণ কৰাৰ সন্দেহত ঘৰৰ পৰা লৈ গৈছিল । যাৰ বাবে অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি । ছাত্ৰগৰাকীৰ মুক্তিৰ দাবীৰে নিলামবজাৰ মহাবিদ্য়ালয়ৰ সম্মুখৰ অসম ত্ৰিপুৰা-সংযোগী ৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে একাংশ শিক্ষাৰ্থীয়ে ।
লগতে পঢ়ক: কাছাৰৰ বেৰেঙ্গাত বাহনৰ ওপৰত গছ পৰি থিতাতে নিহত দুই