ETV Bharat / state

শিল্পী মৰ্যদাৰ পৰা বঞ্চিত 95 বছৰীয়া এগৰাকী নৃত্য শিল্পী

author img

By

Published : Jun 18, 2021, 9:26 PM IST

Updated : Jun 18, 2021, 10:11 PM IST

95 বছৰ বয়সত শাৰীৰিক অসুস্থতাৰ বাবে শয্যাশায়ী এগৰাকী নৃত্য শিল্পী । কৰিমগঞ্জৰ নৃত্য গুৰু লক্ষণ সিনহাক আজিলৈকে অসম চৰকাৰে নিদিলে শিল্পীৰ মৰ্য্যদা । তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে থকা সময়ৰ পৰা আবেদন জনাই অহা নৃত্য গুৰু লক্ষণ সিনহাই আজিলৈকে নাপালে শিল্পীৰ সম্মান ।

story-of-a-95-years-old-artist
অসম চৰকাৰে নিদিলে শিল্পীৰ মৰ্য্যদা

শিলচৰ,18 জুন : ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ নৃত্য শিল্পী ৷ 95 বছৰীয়া এইগৰাকী শিল্পী বৰ্তমান শয্যাশায়ী ৷ এইগৰাকী শিল্পীয়ে চৰকাৰৰৰ পৰা আজি পৰ্যন্ত লাভ কৰা নাই শিল্পীৰ মৰ্যদা ৷

এটা সময়ত ভাৰতীয় নৃত্য শিল্পৰে বিশ্ববাসীৰ আগত এক সুকীয়া পৰিচয়েৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা এগৰাকী নৃত্য শিল্পী হৈছে লক্ষণ সিনহা ৷বৰ্তমান 95 বছৰ গৰকা তথা তদানীন্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ নেতৃত্বৰ সময়চোৱাত দেশ তথা বিদেশৰ বিভিন্ন মঞ্চত ভাৰতীয় নৃত্যকলা প্ৰদৰ্শন কৰি অসমৰ নাম উজ্বলাইছিল নৃত্য গুৰু লক্ষণ সিনহাই । 95 বছৰীয়া এইগৰাকী শিল্পী এতিয়া শাৰীৰিক অসুস্থতাৰ বাবে শয্যাশায়ী ৷

অসম চৰকাৰে নিদিলে শিল্পীৰ মৰ্য্যদা

পূৰ্বৰ প্ৰয়াত তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ৰ পৰাই আৰ্থিক সাহায্যৰ বাবে বহুবাৰ আবেদন নিবেদন কৰি অহাৰ পিছতো নৃত্য গুৰু লক্ষণ সিনহাই আজিলৈকে নাপালে কোনো চৰকাৰী সাহায্য ৷

উল্লেখ্য যে, 1963 চনত বলিউডৰ নায়িকা বৈজয়ন্তীমালাকে ধৰি বলিউডৰ বহুকেইগৰাকী নায়িকাক নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল নৃত্য গুৰু লক্ষণ সিনহাই । আনকি সংগীতৰ কিংবদন্তী কণ্ঠশিল্পী লতা মংগেশকাৰৰ সৈতে বিভিন্ন মঞ্চত নৃত্য প্ৰদৰ্শন কৰিছিল তেওঁ । সেই সময়ত দেশৰ ৰাজধানী দিল্লীত নৃত্য শিল্পৰ জৰিয়তে আলোড়ন সৃষ্টি কৰা এইগৰাকী নৃত্য গুৰুয়ে আজিও বঞ্চিত হৈ থাকিল শিল্পীৰ মৰ্য্যদাৰ পৰা । নিজ ঘৰতেই বৰ্তমানে শয্যাশায়ী লক্ষণ সিনহাৰ খবৰ লবলৈ আহৰি ৰাজ্যৰ সাংস্কৃতিক বিভাগ ।পিতৃৰ অতীতৰ বহু স্মৃতি ৰোমন্থন কৰি তেওঁৰ পুত্ৰই দেখুৱাই গ‘ল শিল্পী গৰাকীৰ শিল্পকৰ্মৰ বহু ছবি । শয্যাগত অৱস্থাত হলেও বয়োজ্যেস্থ শিল্পী গৰাকীক উপযুক্ত সম্মান প্ৰদানৰ আহ্বান জনালে পৰিয়ালৰ সদস্য সকলে ৷

লগতে পঢ়ক:কৰিমগঞ্জত ৬ লাখ টকীয়া লেম্বৰগিনি চাবলৈ হেতা ওপৰা

Last Updated : Jun 18, 2021, 10:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.