ETV Bharat / state

কৰিমগঞ্জৰ ক'ভিড চিকিৎসালয়ত উপস্থিত মন্ত্ৰী পীয়ুষ হাজৰিকা

author img

By

Published : Jul 21, 2020, 6:55 PM IST

কৰিমগঞ্জ ক'ভিড চিকিৎসালয়খনত উপস্থিত হৈ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই চিকিৎসালয়ৰ ৰোগী সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কৰ্তৃপক্ষৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী ৷

State Health Minister Pijush Hazarika At Karimganj
কৰিমগঞ্জৰ ক'ভিড চিকিৎসালয়ত উপস্থিত মন্ত্ৰী পীয়ুষ হাজৰিকা

কৰিমগঞ্জ, 21 জুলাইঃ ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড-19 ত আক্ৰান্ত লোকৰ ৷ ৰাজ্যৰ আন জিলাৰ লগতে কৰিমগঞ্জ জিলাতো কৰ'ণা মহামাৰীয়ে সন্ত্ৰাস সৃষ্টি কৰিছে ৷

মঙলবাৰে কৰিমগঞ্জ জিলাৰ ক'ভিড চিকিৎসালয় পৰিদৰ্শন কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ চিকিৎসালয়খনত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে চিকিৎসালয়ৰ ৰোগী সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে কৰিমগঞ্জ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলাৰ এক পৰ্যালোচনা সভাত মিলিত হয় । জিলা খনত কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ চিকিৎসাকে আদি কৰি সকলো পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী জনে ৷

পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰীজনে উল্লেখ কৰে যে, হোম আইশ্ব'লেচনত যোৱাসকলে নিজ ঘৰতেই সকলো সা-সুবিধা থকাৰ কথা উল্লেখ কৰি নিজে লিখি দিব লাগিব ৷ আৰু এম্বুলেঞ্চকে ধৰি সকলো সু-সুবিধা থাকিলেহে সেইটো কাৰ্যকৰি হয় ৷ ইফালে হোম আইচলেচনত থকা এগৰাকি ব্যক্তিৰ মঙলবাৰে মৃত্যু ঘটাক লৈ তেওঁ দুখ প্ৰকাশ কৰে । আনহাতে, কৰিমগঞ্জ ক'ভিড-১৯ চিকিৎসা কেন্দ্ৰত এতিয়ালৈকে ভেন্টিলেচনৰ সেৱা আৰম্ভ নোহোৱাৰ কথাও সদৰি কৰে মন্ত্ৰীজনে । লগতে উক্ত চিকিৎসালয় খনত কিছু কাৰিকৰী বিজুতি আছে যদিও কম সময়ৰ ভিতৰতে সকলো ঠিক কৰা হ'ব বুলি সাংবাদিকৰ আগত মন্ত্ৰীজনে মন্তব্য কৰে ৷

লগতে পঢ়ক- আনলকৰ দিশে আগবাঢ়িছে যোৰহাট জিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.