ETV Bharat / state

অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতিত বন বিভাগ - বনবিভাগৰ অভিযান

ৰাজ্যত নতুন চৰকাৰ শাসনলৈ অহাৰ পিছতে শেহতীয়াকৈ আৰক্ষী প্ৰশাসন তথা বন বিভাগ কঠোৰ হৈ পৰিছে অবৈধ ভূমি বেদখলকাৰীসকলৰ বিৰুদ্ধে ৷ কৰিমগঞ্জত শেহতীয়াকৈ ইটোৰ পিছত সিটো উচ্ছেদ অভিযান চলালে বন বিভাগে ৷

state-forest-department-takes-bold-stand-against-illegal-land-acquisition
অবৈধ বেদখলকাৰীৰ বিৰূদ্ধে কঠোৰ স্থিতিত বন-বিভাগ
author img

By

Published : Jun 8, 2021, 2:11 PM IST

কৰিমগঞ্জ,8 জুন: কৰিমগঞ্জত পুনৰ অবৈধ বেদখলকাৰী (illegal land acquisition )ৰ ওপৰত চলিল বন বিভাগ(Forest department) ৰ বুলড’জাৰ । এইবাৰ অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰী এলেকাত দীৰ্ঘদিনৰ পৰা বন বিভাগৰ মাটিত দোকান-ঘৰ নিৰ্মাণ কৰি ব্যৱসায় কৰি অহা পোন্ধৰটাকৈ ঘৰ ভাঙি বন বিভাগে ভূমি বেদখলমুক্ত কৰে ।

উল্লেখ্য যে, বিগত 28 মে’ আৰু 2 জুনত লংগাই সংৰক্ষিত বনাঞ্চল (Reserved Forest) ত উচ্ছেদ (Eviction) অভিযান চলাই বন বিভাগে 28 টা অবৈধ বাসগৃহ ভাঙি প্ৰায় 60 হেক্টৰ বনাঞ্চলৰ মাটি বেদখলমুক্ত (acquisition free forest land) কৰিবলৈ সক্ষম হয় । অৱশ্যে উচ্ছেদৰ বিৰোধী দল আৰু বিভিন্ন সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

অবৈধ বেদখলকাৰীৰ বিৰূদ্ধে কঠোৰ স্থিতিত বন-বিভাগ

আনকি বিষয়টোক লৈ কৰিমগঞ্জত সৃষ্টি হৈছে নতুন ৰাজনৈতিক মেৰুকৰণৰ । কিন্তু এই সকলো বাধা নেওচি বন বিভাগ পুনৰ নামিল উচ্ছেদ অভিযানত । মূলতঃ অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীৰ জিৰ’ পইন্টত এখন পকী দলং পুনৰ নিৰ্মাণৰ গইনা লৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে গঢ়ি উঠা অবৈধ ঘৰসমূহ সোমবাৰে ভাঙি দিয়া হয় ।

বন বিভাগৰ মাটিৰ ওপৰত থকা এই ঘৰসমূহৰ তালিকাত আছে মটৰ চালক সমিতিৰ কাৰ্যালয় আৰু বন বিভাগৰ এখন নিৰীক্ষণ চকী ।

লগতে পঢ়ক: বিবদমান অসম-নাগালেণ্ড সীমান্ত পৰিদৰ্শন গোলাঘাটৰ উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.