ETV Bharat / state

লাইলাপুৰ আহত জোৱান সকলৰ কাষত ৰাজ্যিক বিজেপিৰ প্ৰতিনিধিৰ দল

author img

By

Published : Aug 4, 2021, 6:09 PM IST

লাইলাপুৰ আহত অসম আৰক্ষীৰ জোৱান সকলৰ ঘৰত বুধবাৰে উপস্থিত হয় ৰাজ্যিক বিজেপিৰ এটা প্ৰতিনিধিৰ দল ৷ জোৱান সকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে প্ৰয়োজনীয় সা-সুবিধা প্ৰদানৰ আশ্বাস দিয়ে প্ৰতিনিধিৰ দলটোৱে ৷

STATE BJP TEAM VISIT INJURED POLICE HOUSE I
লইলাপুৰ আহত জোৱান সকলৰ কাষত ৰাজ্যিক বিজেপিৰ প্ৰতিনিধিৰ দল

পাথাৰকান্দি, 4 আগষ্ট : লাইলাপুৰ কাণ্ডত আহত হোৱা অসম আৰক্ষীৰ জোৱান সকলৰ ঘৰত বুধবাৰে উপস্থিত হয় ৰাজ্যিক বিজেপিৰ এটা প্ৰতিনিধিৰ দল ৷ অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নিৰ্দেশত আহত অসম আৰক্ষীৰ জোৱান সকলৰ কাষত উপস্থিত হয় বিজেপিৰ প্ৰতিনিধিৰ দলটো ৷ জোৱান সকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে জোৱান সকলক ফুলাম গামোচাৰে সন্মান জনাই দলটোৰ প্ৰতিনিধিয়ে ৷

প্ৰতিনিধিৰ দলটো প্ৰথমে উপস্থিত হয় ২১ নং বেটেলিয়নৰ জোৱান বিজিত দাসৰ ঘৰত । বিজিত দাসৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে প্ৰয়োজন হ'লে উন্নত চিকিৎসাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আশ্বাস দিয়ে বিজেপিৰ প্ৰতিনিধিৰ দলটোৱে ৷ বিজিত দাসে অসম -মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাত গুৰুতৰভাৱে আঘাট প্ৰাপ্ত হৈছিল যদিও বৰ্তমান সুস্থ হৈ উঠিছে ৷

লগতে পঢ়ক:আদানী গ্রুপলৈ বৰঝাৰ বিমান বন্দৰ হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ

ইয়াৰ পাচতে বিজেপিৰ প্ৰতিনিধিৰ দলটো উপস্থিত হয় ২১ নং বেটেলিয়নৰ আন এক জোৱান সৌৰভ নাথৰ ঘৰত । জোৱান গৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে প্ৰয়োজনীয় সকলো সা-সুবিধা প্ৰদান কৰাৰ আশ্বাস দিয়ে অসম ৰাজ্যিক বিজেপিৰ প্ৰতিনিধি দলটোৱে ৷

ইফালে, আহত জোৱান সৌৰভ নাথে সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ জোৱান গৰাকীয়ে কয়, ২৬ জুলাইৰ দিনা মিজোৰাম আৰক্ষীয়ে অসম আৰক্ষীক লক্ষ্য কৰি হঠাৎ গুলী চালনা কৰে ৷ এনে অনাকাংক্ষিত আক্ৰমণৰ সময়ত সম্পূৰ্ণভাৱে প্ৰস্তুত নাছিল অসম আৰক্ষীৰ জোৱান সকল ৷

লগতে পঢ়ক: পোন্ধৰ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল কৃষি বিষয়া জ্যোতিৰেখা দাস

"অসম আৰক্ষীৰ দলটোৱে অনুমানেই কৰিব পৰা নাছিল যে মিজোৰাম আৰক্ষীয়ে হঠাৎ এইদৰে গুলী চালনা কৰিব ৷ সেই দিনটোৰ ঘটনাৱলীৰ সকলোৰ দৃশ্য এতিয়াও চকুৰ সন্মুখত ভাহি থাকে ৷" সাংবাদিকৰ আগত আবেগিক হৈ এইদৰে মন্তব্য প্ৰকাশ কৰে আহত সৌৰভ নাথে ৷

উল্লেখ্য যে, অসম ৰাজ্যিক বিজেপিৰ প্ৰতিনিধিৰ দলটোত আছিল মিনেশ্বৰ বসুমতাৰী, বিজয় কুমাৰ গুপ্তা, বেণুধৰ নাথ, মনোজ শ্ৰফ, গাম্বৰু মোচাহাৰী ।

লগতে পঢ়ক: বাহনত 'Press'লিখি দলিল বিক্ৰীৰ বেহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.