ETV Bharat / state

চোকা অস্ত্ৰৰে ঘপিয়াই মাতৃক হত্যা কৰিলে পুত্ৰই

author img

By

Published : Nov 4, 2020, 6:46 AM IST

কৰিমগঞ্জত সংঘটিত হৈছে এটা লোমহৰ্ষক হত্যাকাণ্ড ৷ পাৰিবাৰিক সংঘাতৰ বাবে পুত্ৰই হত্যা কৰিলে মাতৃক ৷ ঘটনাত আহত আন এগৰাকী ৷ হত্যাকাৰীক কৰায়ত্ত কৰি আৰক্ষীক গটালে ৰাইজে ৷

son killed his mother by sharp weapon at krimganj

কৰিমগঞ্জ, 4 নবেম্বৰ : এটা লোমহৰ্ষক হত্যাকাণ্ডই জোঁকাৰি গৈছে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি থানাৰ অন্তৰ্গত বিনোদিনী গাঁও ৷ এজন পুত্ৰই নৃশংসভাৱে হত্যা কৰিলে মাতৃক ৷ ফখৰুল হক নামৰ যুৱকজনে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নিৰ্মমভাৱে হত্যা কৰে মাতৃক । পাষাণ পুত্ৰৰ হাতৰ পৰা মাতৃক ৰক্ষা কৰিবলৈ আহি আহত হয় যুৱকজনৰ ভগ্নীও । ঘটনা সংঘটিত কৰি পলায়ন কৰাৰ চেষ্টা চলায় ঘাতক পুত্রই । কিন্তু স্থানীয় ৰাইজে যুৱকজনক কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই গটাই দিয়ে আৰক্ষীক ৷

ৰাইজে কৰায়ত্ত কৰা ফকৰুল হক

প্ৰাপ্ত তথ্য অনুসৰি উক্ত পৰিয়ালটোৰ বাসগৃহত সৃষ্টি হৈছিল পাৰিবাৰিক কন্দল । এই কন্দলৰ পৰিণতিতে ফখৰুল হকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নিৰ্মমভাৱে হত্যা কৰে মাতৃ কমৰুন নেছাক । মাতৃক উদ্ধাৰ কৰিবলৈ আহি গুৰুতৰভাৱে আহত হয় ফখৰুলৰ ভগ্নী নজৰানা বেগম । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইয়াৰ লগতে আহত নজৰানা বেগমক চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক : ঋনৰ দাতাৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰিয়ে আত্মহত্যা কৰিছিল তুলসীবিলৰ পৰিয়ালটোৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.