ETV Bharat / state

কয়লা সৰবৰাহকাৰীৰ বিৰুদ্ধে কৰিমগঞ্জ আৰক্ষীৰ অভিযান

author img

By

Published : May 31, 2021, 9:43 PM IST

কয়লা সৰবৰাহকাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান কৰিমগঞ্জ আৰক্ষীৰ ৷ আমদানি ৰপ্তানি সংস্থাৰ সভাপতি অমৰেশ ৰয় সহ আন ৫ জনক আটক ৷ জব্দ ৯ খনকৈ ট্ৰাক ৷

six-coal-exporter-detained-at-karimganj-police-station
কয়লা সৰবৰাহকাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান কৰিমগঞ্জ আৰক্ষী

কৰিমগঞ্জ, 31 মে': মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কয়লা সৰবৰাহকাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান কৰিমগঞ্জ আৰক্ষীৰ ৷ বাংলাদেশলৈ অবৈধ কয়লা সৰবৰাহৰ পূৰ্বে কৰিমগঞ্জ আৰক্ষীৰ অভিযানত জব্দ ৯ খনকৈ কয়লাভৰ্তি ট্ৰাক ৷ লগতে আমদানি-ৰপ্তানি সংস্থাৰ সভাপতি অমৰেশ ৰয় সহ আন ৫ জনক আটক কৰি মাজ নিশালৈকে সোধপোচ অব্যাহত ৰাখে আৰক্ষীয়ে ৷

উল্লেখ্য যে, কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত সুতাৰকান্দি লেণ্ড পোৰ্টৰ কাষত বাংলাদেশলৈ অবৈধ কয়লা সৰবৰাহৰ প্ৰাকমুহুৰ্তত কৰিমগঞ্জ আৰক্ষীয়ে মুঠ ৯ খনকৈ ট্ৰাক জব্দ কৰে ৷ জব্দকৃত ট্ৰাকসমূহৰ চকাৰ পাম এৰি দিয়া হয়, যাতে পলাব নোৱাৰে ৷

আনহাতে, অভিযানৰ সময়ত আন বহু ট্ৰাক পলাই ইফালে সিফালে গুছি যায় ৷ আনকি জব্দ কৰা ৯ খনৰ ট্ৰাকৰ চালকো গাড়ী এৰি পলায়ন কৰে ৷ মাথো প্ৰথমথন ট্ৰাকৰ চালকক আটক কৰি কৰিমগঞ্জ সদৰ থানালৈ লৈ অহা হয় ৷

ইফালে বিয়াগোম কয়লা কেলেংকাৰি সন্ধৰ্ভত চলোৱা অভিযানৰ পাছত কৰিমগঞ্জৰ আমদানি ৰপ্তানী সংস্থাৰ সভাপতি অমৰেশ ৰয়ক কৰিমগঞ্জ সদৰ থানালৈ মাতি আনি সোধপোচ অব্যাহত ৰাখিছে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক সহ আন আন বিষয়াই ৷ উল্লেখ্য যে, আমদানি ৰপ্তানী সংস্থাৰ সভাপতি অমৰেশ ৰয় ৰাজ্যিক বিজেপিৰ সদস্য হয় ৷ সোমবাৰ পুৱা পৰ্যন্ত আটকাধীন সকলক এৰি দিয়া হোৱা নাই ৷

আনহাতে, কৰিমগঞ্জত কয়লা ছিণ্ডিকেটৰ মূল মাফিয়া বিৰেন্দ্ৰ মালাকাৰক ধৰি আন তিনি জন মোবাইল চুইচ অফ কৰি নিজকে আত্মগোপন কৰি ৰাখিছে ৷ আৰক্ষীয়ে ইতিমধ্যে কয়লা ছিণ্ডিকেটৰ মাফিয়াৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷ তদন্তৰ স্বাৰ্থত আৰক্ষীয়ে এই পৰ্যন্ত মন্তব্য দিয়াৰ পৰা বিৰত আছে ৷ জানিব পৰা মতে, জব্দকৃত কয়লা ট্ৰাকৰ এখনেও সঠিক চালান, টেক্সৰ কাকত সহ আন কোনো ধৰণৰ নথিপত্ৰ দেখুৱাব পৰা নাই ৷

লগতে পঢ়ক : কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ৰঙিয়াৰ ৰে’ল বিভাগৰ এজন কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.