ETV Bharat / state

বেয়া দিনত দল এৰা গৌতম ৰয় সুবিধাবাদী : ছিদ্দেক আহমেদ - বিজেপি

আজি দিনত যিয়ে কেৱল হিন্দু-মুছলমান কৰে সিয়ে ডাঙৰ নেতা ৷ বিজেপি নেতা হ'বলৈ হলে মুছলমানক গালি পাৰিবলৈ পাৰিব লাগিব ৷

বেয়া দিনত দল এৰা গৌতম ৰয় সুবিধাবাদী : ছিদ্দেক আহমেদ
author img

By

Published : Aug 11, 2019, 4:03 PM IST

কৰিমগঞ্জ, 11 আগষ্ট: বৰাকৰ প্ৰৱল-প্ৰতাপী প্ৰাক্তন কংগ্ৰেছী নেতা গৌতম ৰয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপি যোগদান কৰাৰ পাছত এতিয়া ৰয়ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দেক আহমেদ ৷ দেওবাৰে এখন সংবাদমেল যোগে ন-বিজেপি গৌতম ৰয়ক থকা-সৰকা কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷ " কংগ্ৰেছৰ এতিয়া বেয়া দিন চলি আছে আৰু বিজেপিৰ ভাল দিন, বিশেষকৈ লোকসভা নিৰ্বাচনৰ পাছত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰত বিজেপি চৰকাৰ থকাৰ সুবিধা লবলৈ এতিয়া উঠি-পৰি লাগিছে একাংশ সুবিধাবাদী লোক যাৰ ফলত এতিয়া বিজেপিলৈ সুত বৈছে বহুতৰ ", ছিদ্দিক আহমেদে কয় ৷ "বেয়া দিনত দল ত্যাগ কৰা অনুচিত, কংগ্ৰেছৰ ভাল দিনত বহু নেতাই কংগ্ৰেছত যোগদান কৰিছিল" তেও কয় ৷

এই দল ত্যাগৰ পৰম্পৰা বহু আগৰ পৰাই চলি আহিছে আৰু চলি থাকিব বুলি উল্লেখ কৰি তেও নাম নোলোৱাকৈ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ এগৰাকী বিধায়কক তীব্ৰ কটাক্ষ কৰি কয় "বিজেপিত বৰ্তমান এনেকুৱা এজন নেতা আছে যিজন, প্ৰথমে অগপ চৰকাৰ থাকোতে অগপত আছিল, কংগ্ৰেছৰ চৰকাৰ হোৱাৰ পাছত কংগ্ৰেছলৈ আহিছে, পিছত তৃণমূল কংগ্ৰেছ আৰু এআইইউডিএফত গৈ শেষত এতিয়া বিজেপিত যোগদান কৰিছে" । প্ৰাক্তন মন্ত্ৰী গৰাকীৰ মতে বৰ্তমানৰ ৰাজনীতিত কোনো ধৰণৰ উন্নয়নমূলক কাম কাজ নাই ৷ পিছে নিজকে বৰাকৰ অঘোষিত ৰজা আখ্যা দিয়া ন গেৰুৱা বসন পিন্ধা গৌতম ৰয়ে কি দৰে প্ৰতুত্যৰ দিয়ে সেয়াহে লক্ষণীয় হব ৷

বেয়া দিনত দল এৰা গৌতম ৰয় সুবিধাবাদী : ছিদ্দে

Intro:দিনৰ পাছত ৰাতি হয়, বেয়া দিন আৰু ভাল দিন আহিব :ছীদ্দেক আহমদ,গৌতম ৰায়ৰ বিজেপিত যোগদান সন্ধৰ্বত সংবাদমেল প্ৰাক্তন মন্ত্ৰী গৰাকীৰ।Body:SLUG: SIDDEK COMMENT ON GAUTOM ROY ISSUE, KARIMGANJ

কংগ্ৰেছৰ এতিয়া বেয়া দিন চলি আছে । বৰ্তমানে বিজেপিৰ অতিহে ভাল দিন চলিছে । বিশেষকৈ লোকসভা নিৰ্বাচনৰ পাছত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰত বিজেপি চৰকাৰ থকাৰ পাছত এচাম মানুহৰ সুবিধা আদায়ত অসুবিধা হৈ আছে । যাৰ বাৱে তেঁওলোক বিজেপিলৈ গৈ আছে । প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গৌতম ৰয় বিজেপিলৈ গমন সন্ধৰ্ভত এনে মন্তব্য কৰে আন এগৰাকি প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমদে । তেঁও কয়, দিনৰ পাছত ৰাতি হয়, বেয়া দিন আৰু ভাল দিন আহিব । কিন্তু ভাল দিনত বিভিন্ন সুবিধা আদায় কৰি বেয়া দিনত দলত্যাগ কৰাটো উচিত নহয় । বিপদে আপদে সুবিধা আদায় কৰা দলৰ লগতেই থকাটো উচিত । কংগ্ৰেছৰ ভাল দিন থাকতে বহু নেতা কংগ্ৰেছলৈ যোগদান কৰিছিলে । এতিয়া কংগ্ৰেছৰ বেয়াদিন চলাৰ বাৱে বহুতে বিজেপিলৈ গৈ আছে । এনে পৰম্পৰা বহু আগৰ পৰাই চলি আছে । ছিদ্দিক আহমদে দক্ষীণ কৰিমগঞ্জ সমষ্ঠিৰ এগৰাকি বিজেপিৰ সংখ্যালঘু নেতাৰ নাম নলোৱাকৈ উদাহৰন ডাঙি কয়, বিজেপিত বৰ্তমানে এনেকোৱা নেতা আছে যিজন, প্ৰথমে অগপ চৰকাৰ থাকতে অগপত আছিলে, কংগ্ৰেছৰ চৰকাৰ হোৱাৰ পাছত কংগ্ৰেছলৈ আহিছে, পিছে তৃণমুল কংগ্ৰেছত আৰু এআইইউডিএফত গৈ এতিয়া বিজেপিত যোগদান কৰিছে । তেঁও কয়, বৰ্তমান ভাৰতত চলা ৰাজনীতিত উন্নয়নৰ কোনও কাম নাই । এতিয়া কেৱল হিন্দু মুচলমান কৰি নেতা আৰু বিজেপিত থাকি মুচলমানক অধিক গালি পাৰিব পাৰিলেই ডাঙৰ নেতা হোৱা যায় ।
Conclusion:পিছে বৰাকৰ ৰজা কোৱা গৌতম ৰায়ে কি দৰে ছীদ্দেক আহমদৰ প্ৰতিত্তৰ দিয়ে এয়াই হব লক্ষ্যণীয়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.