ETV Bharat / state

কৰিমগঞ্জৰ চিপেনজুৰি চাহ বাগিছাৰ কৰ্মচাৰীৰ নাই মজুৰি - জিলাশাসক এম.মনিভান্নান

1888 চনত সৃষ্টি হোৱা কৰিমগঞ্জৰ চিপেনজুৰি চাহ বাগিছাখনৰ অৱস্থা শোচনীয়, বাগিছাখনৰ কৰ্মচাৰীৰ নাই মজুৰি। শ্ৰমিকক মজুৰি দিব নোৱাৰি পলায়ন কৰিলে বাগিছাৰ পৰিচালকে

কৰিমগঞ্জৰ চিপেনজুৰি চাহ বাগিছাৰ কৰ্মচাৰীৰ নাই মজুৰি
author img

By

Published : Jun 27, 2019, 10:00 PM IST

Updated : Jun 27, 2019, 10:07 PM IST

কৰিমগঞ্জ,২৭জুন: অচলাবস্থাত কৰিমগঞ্জৰ চিপেনজুৰি চাহ বাগিছা। শ্ৰমিকৰ প্ৰাপ্য ধন দিব নোৱাৰি পলায়ন কৰিলে বাগিছাৰ পৰিচালকে ।

কৰিমগঞ্জৰ চিপেনজুৰি চাহ বাগিছাৰ কৰ্মচাৰীৰ নাই মজুৰি

ব্ৰিটিছ চৰকাৰৰ কাৰ্যকাল চলি থকাৰ সময়তে 1888 চনত চিপেনজুৰি চাহ বাগিছাখনৰ গঠন হৈছিল। 1988 চনত ব্যক্তিগতকৰণ কৰা হৈছিল কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ অসম-ত্ৰিপুৰা সীমান্তৱৰ্তী এই চিপেনজুৰি চাহ বাগিছাখন। স্বচ্চ বাগিছা হিচাপেও স্বীকৃতি লাভ কৰিছিল চিপেনজুৰি চাহ বাগিছাই। কিন্তু সকলো ঠিকে থকাৰ পাছতো বিগত ৬মাহৰ পৰা বাগিছাখনৰ সকলো কৰ্মীৰ বন্ধ হৈ আছে দৰমহা। বাগিছাখনৰ চাহ পাত তোলা কৰ্মীসকলৰো বন্ধ হৈ আছে সাপ্তাহিক মজুৰি। শ্ৰমিকৰ প্ৰাপ্য ধন দিব নোৱাৰি পলায়ন কৰিছে বাগিচাখনৰ পৰিচালক প্ৰণৱ মজুমদাৰে। আনকি বাগিছাখনত থকা হাস্পতালত পাবলৈ নাই ঔষধ । যাৰ বাবে বাগিছাখনত সৃষ্টি হৈছে এতিয়া হাহাকাৰ পৰিস্থিতিৰ। 1956 চনৰ লেবাৰ আইন অনুসৰি কৰ্মচাৰীসকলক সকলো সা-সুবিধা দিব লাগে যদিও সকলো সুবিধাৰ পৰা বঞ্চিত হৈ আছে বাগিছাখনৰ কৰ্মচাৰীসকল। বাগিছাখনৰ অৱস্থা শোচনীয় হৈ যোৱাত বৃহস্পতিবাৰে শ্ৰমিকসকলে কাষ চাপে কৰিমগঞ্জৰ উপায়ুক্ত এম.মনিভান্নানৰ। ইয়াৰ পাছতেই শ্ৰমিকসকলে স্থানীয় বিধায়কলৈ প্ৰেৰণ কৰে এখন স্মাৰকপত্ৰও।

Intro:অচলৱস্থাত কৰিমগঞ্জৰ চিপেনজুৰি চা বাগিচা।শ্ৰমিকৰ প্ৰাপ্য ধন দিব নোৱাৰি পলাতক বাগিচাখনৰ ম্যানেজাৰ।

Body:
SLUG - EXTREME STAGNATION SEPENJURI T.E GARDEN

ব্ৰিটিছ চৰকাৰৰ কাৰ্যকালত 1888 চনত জন্ম হৈছিল বাগিছাখনৰ ।1988 চনত ব্যক্তিগতকৰন হয় কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ অসম-ত্ৰিপুৰা সীমান্তৱৰ্তী এইখন চিপেনজুৰি চা বাগিচাৰ।ইমানদিনে সকলো ঠিকেই কৰিমগঞ্জ জিলাৰ একমাত্ৰ স্বচ্ছল বাগিচা হিচাবে পৰিচিত এইখন বাগিচা।আজি 5/6 মাহৰ পৰা বাগিচাখনৰ সকলো কাৰ্যালয় কৰ্মীৰ দৰমহা বন্ধ।নাই ৰেচন,পিএফ,ইন্সৰেন্স।বাগিচাখনৰ চা পাত তোলা সকলো কৰ্মীৰ সাপ্তাহিক হাজিৰা ও বন্ধ।বন্ধ ৰেচনও।আৰু শ্ৰমিকৰ প্ৰাপ্যধন দিব নোৱাৰি পলাই গৈছে বাগিচাখনৰ ম্যানেজাৰ প্ৰণৱ মজুমদাৰ। বৰ্তমান এক হাহাকাৰময় পৰিবেশৰ সৃষ্টি হৈছে বাগিচাখনত।দৰমহা না পাই নিজ সন্তানৰ স্কুল ফিছ দিব নোৱাৰা হৈছে।চাউল নাই ঘৰত।আজিকালি দোকানীয়ে ও নিদিয়ে বাকী খৰচপাতি।বৰ্তমান বাগিছাখনৰ অৱস্থা দেখিলে আপোনাৰো চকুত পানী আহি যাব।হাস্পাতাল থাকিলেও নাই ঔষধ পাতি।1956 লেবাৰ প্লেণ্টেচন এক্ট অনুসৰি সকলো সা সুবিধা দিব লাগে কিন্তু এক্ট অনুসৰি কোনো নিয়ম মানা নাই ।

Conclusion:শ্ৰমিক সকল কাষ চাপিছে কৰিমগঞ্জৰ জিলাশাসক এম মনিভান্নানৰ।স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে স্থানীয় বিধায়ক আৰু সংসদক ।পিছে কি হয় বাগিচাত থকা তিনি হেজাৰ শ্ৰমিকৰ এয়াই হব লক্ষ্যণীয়।
Last Updated : Jun 27, 2019, 10:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.