কৰিমগঞ্জ, 14 নৱেম্বৰ : নিৰাপত্তাৰক্ষীৰ কৰ্মকাণ্ডত হতবাক চক্ৰ বিষয়া ৷ নিশাৰ ভাগত নিৰাপত্তাৰ কামত নিয়োজিত নিৰাপত্তাকৰ্মীয়ে চৰকাৰী কাৰ্যালয়ৰ চৌহদতে পাতিলে সুৰাৰ আড্ডা ৷ এই ঘটনা সংঘটিত হৈছে কাটিগড়া চক্ৰ বিষয়া কাৰ্যালয় চৌহদত ৷
নিশাৰ ভাগত হঠাৎ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত উপস্থিত হৈ হতবাক চক্ৰ বিষয়া ৷ সোমবাৰে নিশা প্ৰায় আঠ বজাত চক্ৰ বিষয়া ৰবাৰ্ট টাউলাৰ উপস্থিত হ’ল ৰাজেন্দ্ৰ সিং নামৰ নিৰাপত্তাৰক্ষীজনৰ কোৱাৰ্টাৰত আৰু প্ৰত্যক্ষ কৰে সুৰাৰ আড্ডা ৷ নিশাৰ ভাগত চক্ৰ বিষয়া কাৰ্যালয়ৰ নিৰাপত্তাৰ কামত নিয়োজিত ৰাজেন্দ্ৰ সিঙৰ নেতৃত্বত এই সুৰাৰ আড্ডা চলি আছিল ৷
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি সিঙৰ কোৱাৰ্টাৰতে সুৰাৰ আড্ডা চলি থকাৰ অভিযোগ লাভ কৰিছিল চক্ৰ বিষয়াই ৷ সেই অভিযাগৰ ভিত্তি চক্ৰ বিষয়া গৰাকীয়ে নৈশ নিৰাপত্তাৰক্ষীৰ দায়িত্বত থকা সিঙৰ কোৱাৰ্টাৰত অভিযান চলায় ৷ চক্ৰ বিষয়াৰ অভিযানৰ সময়তে সিঙৰ লগত চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত দুজন কৰ্মী সুৰাৰ আড্ডাত মচগুল হৈ আছিল ৷ উক্ত সুৰাৰ আড্ডাস্থলীত চক্ৰ বিষয়া কাৰ্যালয়ৰ উপ-পঞ্জীয়ক কাৰ্যালয়ৰ নিৰাপত্তাৰক্ষী ৰাজেন্দ্ৰ সিং, জাইদুল হুছেইন আৰু সমীৰণ কলিতাসহ সাত-আঠজনীয়া এটা দলে সুৰাৰ পাৰ্টি কৰি আছিল ৷ অভিযানৰ সময়ত 10 টাকৈ বিভিন্ন ব্ৰেণ্ডৰ সুৰাৰ বটল জব্দ কৰা হয় ৷
এই ঘটনাৰ পাচতে নিৰাপত্তাৰক্ষী কেইজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে চক্ৰ বিষয়া ৰবাৰ্ট টাউলাৰে ৷ উল্লেখ্য যে অভিযানকালত কৰ্তব্যৰত অৱস্থাত আছিল উপ-পঞ্জীয়ক কাৰ্যালয়ৰ নিৰাপত্তাৰক্ষী সমীৰণ কলিতা । অভিযোগ অনুসৰি, নিশা হ’লে ৰাজেন্দ্ৰ সিং প্ৰায়ে অঞ্চলটোৰ স্থানীয় লোকৰ সৈতে কোৱাৰ্টাৰত সুৰাৰ আড্ডাত ব্যস্ত থাকে ৷
লগতে পঢ়ক:Bangladeshi Arrested in Tripura : ত্ৰিপুৰাত শিশু-মহিলাসহ 14 গৰাকী বাংলাদেশীক গ্ৰেপ্তাৰ