কৰিমগঞ্জ, 23 ডিচেম্বৰ : অসমত প্ৰৱেশ কৰিবলৈ লওতেই পুন আৰক্ষীৰ জালত পৰিল ৰহিংগীয়া শৰণাৰ্থীৰ 13 জনীয়া এটা বৃহৎ দল ৷ এই দলটোত আছে 3 জন পুৰুষ,4 গৰাকী মহিলাসহ 6 টা কণ কণ শিশু ৷
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি মঙলবাৰৰ নিশা আগৰতলা পৰা গুৱাহাটী অভিমূখী এখন নৈশ বাছত আহি থকা অৱস্থাত চূড়াইবাৰী আৰক্ষীয়ে আটক কৰে উক্ত ৰহিংগীয়াৰ দলটো ৷ এক গোপন সূত্ৰ পম খেদি নৈশ বাচ খনত তালাচী চলোৱা হৈছিল বুলি সদৰি কৰিছে আৰক্ষীৰ সুত্ৰটোৱে ৷
চূড়াইবাৰী আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই দলটোৰ সন্দৰ্ভত প্ৰকাশ কৰা তথ্য অনুসৰি এই দলটো 2016 চনৰ পৰা বাংলাদেশৰ কক্স বজাৰৰ ৰহিংগীয়া কেম্পত আশ্ৰয় লৈ আছিল ৷ এই কেম্পৰ পৰাই ৰহিংগীয়াৰ এই সঁজাতি দলটোৱে দুষ্ট চক্ৰৰ সহায়ত বাংলাদেশৰ পৰা ত্ৰিপুৰাৰ আগৰতলাত প্ৰৱেশ কৰে ৷
ইয়াৰ পিচতে আগৰতলাৰ পৰা নৈশ বাছে গুৱাহাটী অভিমূখী যাত্ৰা আৰম্ভ কৰে দলটোৱে ৷ দলটোৰ লগত নাছিল কোনো বৈধ নথি পত্ৰ ৷ জম্মু-কাশ্মীৰ, হায়দৰাবাদ আৰু দিল্লীলৈ যোৱাৰ বাবে সাজু হৈছিল বুলি সদৰি কৰে ভাৰপ্ৰাপ্ত বিষয়া জনে ৷
উল্লেখ্য যে,ৰহিংগীয়া এই শৰণাৰ্থী দলটোৰ পৰা ভাৰত আৰু বাংলাদেশৰ চাৰি হেজাৰ টকাৰ মুদ্ৰা,ভুৱা বাংলাদেশৰ আধাৰ কাৰ্ড,ঘড়ী আদি সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে ৷ তদুপৰি তথ্য সন্ধানত তদন্ত আব্যাহত ৰাখিছে চূড়াইবাৰী আৰক্ষীয়ে ৷
লগতে পঢ়ক : মঙলদৈ বি এড মহাবিদ্যালয়ৰ NCTE পঞ্জীয়ন বাতিল