ETV Bharat / state

ৰাজ্যৰ ভিন্ন স্থানত পথ দুৰ্ঘটনা : বুধবাৰৰ দিনটোত প্ৰাণ হেৰুৱালে 9 গৰাকীকৈ লোকে

author img

By

Published : Apr 14, 2022, 9:32 AM IST

বুধবাৰৰ দিনটোৰ ৰাজ্যৰ ভিন্ন স্থানত পথ দুৰ্ঘটনা(Road accident in various places of Assam) সংঘটিত ৷ তিনি পৃথক স্থানত হোৱা পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 9 গৰাকীকৈ লোকে ৷ ডবকাত একে পৰিয়ালৰ সদস্য তথা 6 গৰাকীকৈ আত্মীয়ই হেৰুৱালে প্ৰাণ ৷

road-accident-in-various-places-of-assam
ৰাজ্যৰ ভিন্ন স্থানত পথ দুৰ্ঘটনা

নিউজ ডেস্ক, 14 এপ্ৰিল : বিহুৰ প্ৰাকক্ষণত বুধবাৰৰ দিনটোত ৰাজ্যৰ ভিন্ন স্থানত সংঘটিত হৈছে পথ দুৰ্ঘটনা(Road accident in various places of Assam) ৷ কৰিমগঞ্জ, কোকৰাঝাৰ আৰু ডবকাৰ ৰাজপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাসমূহত প্ৰাণ হেৰুৱাইছে মুঠ 9 গৰাকীকৈ লোকে ৷

জানিব পৰা মতে, বুধবাৰে সন্ধিয়া কৰিমগঞ্জ চহৰ সংলগ্ন বাইপাছ ৰোডৰ বাবা হোটেলৰ সন্মুখত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ AS 10 W 5543 নম্বৰৰ এখন বাইকৰ খুন্দাত থিতাতে মৃত্যুবৰণ কৰে চাইকেল আৰোহী দিলোৱাৰ হুছেইন নামৰ ব্যক্তিগৰাকীয়ে ৷ দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাইক আৰোহীজনে ৷

ঘটনাস্থলীত উপস্থিত থকা স্থানীয় ৰাইজে ততালিকে ব্যক্তিগৰাকীক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ পৰৱৰ্তী সময়ত কৰিমগঞ্জ আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ বাইক আৰু চাইকেলখন জব্দ কৰি থানালৈ নিয়ে ৷

উল্লেখ্য যে, মৃত ৰুজুম বসুমতাৰী আৰু তেওঁৰ পত্নীয়ে বজাৰ-সমাৰ কৰি এনফিল্ড বুলেটৰে (AS 16 H 5415) ঘৰলৈ উভতাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয় ৷ ব্যক্তিগৰাকীৰ পত্নী পুনম বসুমতাৰীয়ো এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৷ উক্ত দুৰ্ঘটনাত স্কুটী চালকজনৰ মৃত্যু ঘটাৰ লগতে আনগৰাকী আৰোহী গুৰুতৰভাৱে আহত হয় ৷ আহত ব্যক্তিজনক বিশমুৰীৰ কৰ্ণজিৎ বসুমতাৰী বুলি জানিব পৰা হৈছে ৷ বৰ্তমান ব্যক্তিগৰাকী কোকৰাঝাৰৰ আৰএনবি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

ডবকাৰ ৰাজপথত নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ ডিভাইভাৰত খুন্দিয়ালে এখন দ্ৰুতবেগী ইনভা বাহনে ৷ যাৰ ফলত থিতাতে নিহত হয় চাৰিগৰাকীকৈ লোক ৷ প্ৰাপ্ত তথ্য অনুসৰি, বিহু উপলক্ষে বিদেশৰ পৰা কপাহবাৰী কৰৈউনীৰ ঘৰলৈ অহা এগৰাকী যুৱকক আগবঢ়াই আনিবলৈ গৈছিল পৰিয়ালৰ লগতে একাংশ আত্মীয়ই ৷ কিন্তু আজাৰাস্থিত বিমানবন্দৰলৈ গৈ থকা অৱস্থাতে ডবকাত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ AS 01 AW 4613 নম্বৰৰ ইনভা বাহনখন ডবকা পোৱাৰ পূৰ্বে ভেলৌগুৰি পাৱাৰগ্ৰীডৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইডাৰত খুন্দা মাৰি চূৰ্ণ-বিচূৰ্ণ হৈ পৰে ৷

বুধবাৰৰ দিনটোত প্ৰাণ হেৰুৱালে 9 গৰাকীকৈ লোকে

মূহুৰ্ততে বাহনখনত আৰোহী হিচাপে থকা 8 গৰাকী ব্যক্তিৰ 4 গৰাকীয়ে থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হয় ৷ আহত আৰু নিহতসকলক স্থানীয় ৰাইজ, ডবকা আৰক্ষীয়ে উদ্ধাৰ কৰি স্থানীয় ডবকা চিকিৎসালয়ত ভৰ্তি কৰে ৷ চিকিৎসকে চাৰিজন ব্যক্তিক নিহত বুলি ঘোষণা কৰি আনকেইগৰাকীক উন্নত চিকিৎসাৰ বাবে হোজাইৰ হাম চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ চিকিৎসাধীন অৱস্থাত আৰু দুজন ব্যক্তিৰ মৃত্যু ঘটে ৷

জানিব পৰা মতে, মৃত লোকসকলক ক্ৰমে হিলাল উদ্দিন (32), বাহনখনৰ চালক মিনহাজউদ্দিন (28), ছানিয়া বেগম (4), নিফা জান্নাত (4), আফ্ৰিড আলম (8), নাজিম উদ্দিন (42) বুলি চিনাক্ত কৰাৰ বিপৰীতে এগৰাকী মৃত মহিলাৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷ নিহতৰ ভিতৰত দুটা শিশু আছে ৷ অত্যন্ত সংকটজনক অৱস্থাত আন দুগৰাকী ব্যক্তি চিকিৎসাধীন হৈ আছে ৷

লগতে চাওক: হেলিকপ্টাৰৰ পৰা তললৈ সৰি পৰিল যুৱক; চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.