ETV Bharat / state

কাছৰৰ বৰখলাত ভয়ংকৰ পথ দুৰ্ঘটনা - তীব্ৰবেগী বাহন

বৃহস্পতিবাৰে ৰাতিপুৱা প্ৰায় 9 বজাত কাছৰৰ বৰখলা সমষ্টিৰ ডলু ৰাজপথত এখন টাটা ডী আই বাহনৰ খুন্দাত প্ৰাণ গ’ল চাহ বাগানৰ শ্ৰমিক 45 বছৰীয়া সমলু শুক্লবৈদ্যৰ ৷

কাছৰৰ বৰখলাত ভয়ংকৰ পথ দূৰ্ঘটনা
কাছৰৰ বৰখলাত ভয়ংকৰ পথ দূৰ্ঘটনা
author img

By

Published : Feb 26, 2021, 7:04 AM IST

শিলচৰ, 26 ফেব্ৰুৱাৰী: ৰাজ্যত অব্যাহত আছে গাড়ী চালকৰ দৌৰাত্ম্য ৷ বৃহস্পতিবাৰে পুনৰ তীব্ৰবেগী বাহনে প্ৰাণ ল’লে এজন লোকৰ ৷ বৃহস্পতিবাৰে পুৱা প্ৰায় 9 বজাত কাছৰৰ বৰখলা সমষ্টিৰ ডলু ৰাজপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী বাহনৰ খুন্দাত নিহত হয় চাহ শ্ৰমিক ৷

মৃত লোকজনৰ 45 বছৰীয়া সমলু শুক্লবৈদ্য বুলি চিনাক্ত কৰা হৈছে ৷ দুৰ্ঘটনা সংঘটিত কৰা বাহন খনক আৰক্ষীয়ে ইতিমধ্যে কাৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ৷

কাছৰৰ বৰখলাত ভয়ংকৰ পথ দূৰ্ঘটনা
কাছৰৰ বৰখলাত ভয়ংকৰ পথ দূৰ্ঘটনা

প্ৰাপ্ত তথ্য অনুসৰি, কাছৰৰ বৰখলা সমষ্টিৰ ডলু ৰাজপথৰ কাষতে কাকত বাগানৰ কামত থাকা অৱস্থাতে পাছফালৰ পৰা অহা এখন টাটা ডী আই গাড়ীয়ে খুন্দা মাৰে ৷ যাৰ ফলত গুৰুতৰ ভাৱে আহত হয় লোকজন ৷

উল্লেখ্য যে, আহত লোকজনক বড়খলা হাস্পতালত লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷ কিন্তু শিলচৰ মেডিকেললৈ নিয়াৰ পথতে সমলু শুক্লবৈদ্যৰ মৃত্যু হয় ৷

এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে কাছৰৰ বৰখলা সমষ্টিৰ ডলু ৰাজপথ ৷ উত্তেজিত ৰাইজে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অভিযুক্ত গাড়ী চালকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালক উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনায় ৰাইজে ৷

লগতে পঢ়কঃ দিনটোৰ বিশেষ কেইটামান ৰাজনৈতিক খবৰ...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.