ETV Bharat / state

অসম ত্ৰিপুৰা সংযোগী আঠ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা - কৰিমগঞ্জৰ চেৰাগী বজাৰ

পুনৰ অসম ত্ৰিপুৰা সংযোগী আঠ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ।এই দুৰ্ঘটনাৰ ফলত চালক সহ এজন যাত্ৰী গুৰুতৰভাৱে আহত হৈছে । সম্প্ৰতি সংকটজনক অৱস্থাত দুয়োকে প্ৰেৰণ কৰা হৈছে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ ।

Road accident at AssamTripura border
আঠ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
author img

By

Published : Jul 15, 2020, 5:30 PM IST

কৰিমগঞ্জ,15 জুলাইঃ কৰিমগঞ্জৰ চেৰাগী বজাৰ এলেকাত পেট্ৰ'ল ডিপোৰ সন্মুখত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । AS-01GC-8351 নম্বৰৰ এখন ট্ৰাকক অ'ভাৰটেক কৰিবলৈ গৈ এখন অটো ৰিক্সা সোমাই পৰে ট্ৰাকখনৰ তলত। যাৰ ফলত অটো ৰিক্সাখন সম্পূৰ্ণৰূপে তচনচ হৈ যায় ।

অসম ত্ৰিপুৰা সংযোগী আঠ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

অটো ৰিক্সাত থকা একমাত্ৰ যাত্ৰীগৰাকীও সোমাই পৰে ট্ৰাকখনৰ তলত,ইফালে অটো ৰিক্সাৰ চালক অটোতেই আবদ্ধ হৈ থকা দেখা পাই স্থানীয় ৰাইজ নামি পৰে উদ্ধাৰ বাবে।

অৱশেষত স্থানীয় লোকৰ সহযোগত দুয়োজন লোককে উদ্ধাৰ কৰি এম্বুলেঞ্চ যোগে প্ৰেৰণ কৰা হয় হাস্পতাললৈ । উল্লেখযোগ্য যে, একাংশ অপৰিপক্ক আৰু লাইচেঞ্চবিহীন অটো আৰু টেম্পু চালকৰ অতপালিৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই সকল চালকক নাকি লগোৱাৰ ক্ষেত্ৰত আৰক্ষীয়ে কোনোধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপিত হৈ আহিছে ।

লগতে পঢ়কঃভয়াৱহ বানৰ তাণ্ডৱত দলগাঁৱতো ক্ষতিগ্ৰস্ত কুৰিখনৰো অধিক গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.