ETV Bharat / state

প্ৰশ্নকাকত ফাদিল চৰকাৰৰ মূল আঁচনি: ৰকিবুল হুছেইন

author img

By

Published : Oct 13, 2020, 1:53 PM IST

অসম চৰকাৰ ব্যৰ্থ । উন্নয়ন একো কৰিব পৰা নাই । মাত্ৰ প্ৰশ্নকাকত ফাদিলৰ কেলেংকাৰীয়ে আছিল চৰকাৰৰ মূল আঁচনি । কৰিমগঞ্জৰ নিলাম বজাৰৰ এখন জনসভাত এনেদৰে চৰকাৰ বিৰোধী মন্তব্য আগবঢ়ায় প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে ৷

Reaction of Rakibul hussain in SI Scam karimganj assam etv bharat news
জনসভাত উপস্থিত কংগ্ৰেছ নেতা ৰকিবুল হুছেইন

কৰিমগঞ্জ,13 অক্টোবৰ: নিৰ্বাচনক কেন্দ্ৰ কৰি অঞ্চলভেদে প্ৰচাৰ অব্যাহত ৰাখিছে ৰাজনৈতিক দলসমূহে ৷ সমানে তৎপৰ হৈ উঠিছে ৰাজনৈতিক নেতাসকল ৷ সোমবাৰে কৰিমগঞ্জৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ প্রাণ কেন্দ্রস্বৰূপ নিলাম বজাৰত অনুষ্ঠিত হোৱা এক বিশাল জনসভাত অংশগ্ৰহণ কৰে কংগ্ৰেছী নেতা ৰকিবুল হুছেইনে ৷

প্ৰায় শতাধিক লোকৰ উপস্থিতিত উক্ত সভাখনত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীয়ে সমাগত নিৰ্বাচনত বিজেপিয়ে 100+ আসনৰ পৰিৱৰ্তে 100- আসন লাভ কৰিব বুলি কটাক্ষ কৰে ৷ হুছেইনে হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি বিজেপিৰ অচ্ছে দিনৰ পৰিৱৰ্তে বেয়া দিন আহিছে বুলি মন্তব্য় কৰে ৷ তদুপৰি বঙালী লোকসকলক বিজেপিয়ে সা-সুবিধা দিয়াৰ অভিনয়হে কৰি আছে বুলি সভাখনত ব্যক্ত কৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীয়ে ৷ মুঠৰ ওপৰত সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি যুদ্ধংদেহী মনোভাৱেৰে ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা অব্য়াহত ৰাখিছে প্ৰতিগৰাকী ৰাজনৈতিক নেতাই ৷

লগতে চাওকঃ আগৰতলাত বৃহৎ পৰিমাণৰ ফেঞ্চিডাইল জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.