ETV Bharat / state

চৰকাৰী ধন আত্মসাতক লৈ উত্তপ্ত পৰিস্থিতি ৰাতাবাৰী গাঁও পঞ্চায়ত

কৰিমগঞ্জৰ ৰাতাবাৰী গাঁও পঞ্চায়ত কাৰ্যালয়ত চৰকাৰী ধন আত্মসাতৰ বিষয়ক লৈ আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উল্লেখ্য যে,ৰাতাবাৰী পঞ্চায়তৰ সভাপতি নুৰুল ইছলামৰ বিৰুদ্ধে চৰকাৰী ধন আত্মসাতৰ অভিযোগ উত্থাপন কৰিছিল স্থানীয়ে লোকে ৷

ratabari-panchayat-uttapta-poristhiti
চৰকাৰী ধন আত্মসাতক লৈ কৰিমগঞ্জৰ ৰাতাবাৰী গাঁও পঞ্চায়ত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Jan 7, 2021, 9:19 PM IST

Updated : Jan 7, 2021, 9:53 PM IST

কৰিমগঞ্জ, 7 জানুৱাৰী : কৰিমগঞ্জৰ ৰাতাবাৰী গাঁও পঞ্চায়ত কাৰ্যালয়ত চৰকাৰী ধন আত্মসাতৰ বিষয়ক লৈ আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উল্লেখ্য যে,ৰাতাবাৰী পঞ্চায়তৰ সভাপতি নুৰুল ইছলামৰ বিৰুদ্ধে চৰকাৰী ধন আত্মসাতৰ অভিযোগ উত্থাপন কৰিছিল স্থানীয়ে লোকে ৷ উক্ত অভিযোগৰ তদন্তৰ বাবে দাযিত্ব গ্ৰহণ কৰিছিল তদন্তকাৰী বিষয়া এচ,এ,লস্কৰে ৷

চৰকাৰী ধন আত্মসাতক লৈ উত্তপ্ত পৰিস্থিতি ৰাতাবাৰী গাঁও পঞ্চায়ত

ঘটনাৰ বিৱৰণ অনুসৰি এই অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে ৰহস্য জনক ভাৱে পঞ্চায়ত সভাপতি নুৰুল ইছলামক লগত লৈ তদন্তকাৰী বিষয়া এচ.এ.লস্কৰ পঞ্চায়ত কাৰ্যালয়ৰ সম্মুখত উপস্থিত হোৱাৰ পিচতেই সন্দেহ প্ৰকাশ কৰে পঞ্চায়তৰ ৰাইজে ৷ যাৰ ফলস্বৰূপে অভিযোগকাৰীয়ে তদন্তৰ দায়িত্বত থকা বিষয়াজনে সভাপতি নুৰুল ইছলামৰ সৈতে বুজা বুজি কৰি সমগ্ৰ কেলেংকাৰীৰ তথ্য গাপ দিয়াৰ চেষ্টা চলাইছিল বুলি পুনৰ অভিযোগ উত্থাপন কৰে ৷ ইয়াৰ লগে লগে তদন্তৰ দায়িত্বত থকা বিষয়া আৰু পঞ্চায়ত সভাপতি গৰাকীৰ বিৰুদ্ধে পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখন পুনৰ ক্ষোভ প্ৰকাশ কৰে অভিযোগকাৰীয়ে ৷

লগতে পঢ়ক: কান্দোনত ভাগি পৰিল অখিলৰ ৰোগীয়া মাতৃ

Last Updated : Jan 7, 2021, 9:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.