কৰিমগঞ্জ,১২আগষ্ট: কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীৰ স্থানীয় বিধায়ক বিজয় মালাকাৰ শৰীৰত পোৱা গৈছে ক'ভিড-১৯ ভাইৰাছৰ উপস্থিতি । বিধায়ক গৰাকীৰ ওপৰিও তেখেতৰ ব্যক্তিগত সচিব, দেহৰক্ষী আৰু চালকৰ শৰীৰতো পোৱা গৈছে ক'ৰণাৰ এই ভাইৰাছবিধ ।
ইফালে কৰিমগঞ্জৰ বিজেপিৰ জিলা সভাপতি সুব্ৰত ভট্টাচাৰ্যও ক'ভিড-১৯ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ।
জিলাখনৰ স্বাস্থ্য বিভাগে জানিবলৈ দিয়া তথ্য মতে, বুধবাৰে দেৱব্ৰত চৌধুৰী নামৰ এজন ক'ৰণা আক্ৰান্ত যুৱকৰো মৃত্যু ঘটিছে ।