ETV Bharat / state

বৰাকত ভোট বিচাৰি অহাৰ নৈতিক অধিকাৰ নাই কংগ্ৰেছৰ: সৰ্বানন্দ সোণোৱাল

তুংগত উঠিছে ৰাতাবাৰীৰ সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ ৷ কংগ্ৰেছ-বিজেপি দুয়োটা দলে সমষ্টিটো দখলৰ বাবে পূৰ্ণ শক্তিৰে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ।

সৰ্বানন্দ সোণোৱাল
author img

By

Published : Oct 14, 2019, 6:01 PM IST

কৰিমগঞ্জ, 14 অক্টোবৰঃ নিৰ্বাচনী প্ৰচাৰৰ বাবে সোমবাৰে ৰাতাবাৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ৰাতাবাৰী সমষ্টিৰ প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত হয় সৰ্বানন্দ সোণোৱাল । পুৱা 10.30 বজাত উপস্থিত হোৱাৰ কথা আছিল যদিও প্ৰায় ডেৰ ঘণ্টা পলমকৈ সভাস্থলীতৰ অস্থায়ী হেলিপেডত আহি অৱতৰণ কৰে মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰে ।

উপ-নিৰ্বাচনৰ প্ৰচাৰ বিজেপিৰ
ৰাতাবাৰীৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ বিজেপিৰ

1 লাখ 61 হাজাৰ ভোটাৰ থকা সমষ্টিটোত মূলত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব চাহ জনগোষ্ঠীৰ ভোটাৰে । সেয়ে হিন্দী, বাংলা, অসমীয়া তিনিওটা ভাষাত ভাষণ প্ৰদান কৰা দেখা যায় মুখ্যমন্ত্ৰীগৰাকীক ৷ ইপিনে ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় বিৰোধী দল কংগ্ৰেছক । বৰাকত কংগ্ৰেছে ভোট বিচৰাৰ নৈতিক অধিকাৰ হেৰুৱাইছে বুলি উল্লেখ কৰে সোণোৱালে ৷

ৰাতাবাৰীৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ বিজেপিৰ
উপ-নিৰ্বাচনৰ প্ৰচাৰ বিজেপিৰ

ইপিনে বিজয় মালাকাৰৰ হৈ প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰীয়ে কয়, ভোট বিজয় মালাকাৰক বুলি নহয় মই বুলি হে দিয়ক । আপোনালোকৰ সুৰক্ষাৰ দায়িত্ব মই লম । ইপিনে প্ৰখৰ ৰ’দকো নেওচি সভাস্থলীত উপস্থিত আছিল যথেষ্ঠ সংখ্যক লোক ৷ অৱশেষত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাতাবাৰী সমষ্টিৰ আধৰুৱা কামসমূহ অতিশীঘ্ৰে সম্পূৰ্ণ কৰা হ’ব ।

Intro:Body:SLUG.RATABARI CM PROGRAM (KARIMGANJ).

তুংগত উঠিছে ৰাতাবাৰী উপনিৰ্বাচনৰ প্ৰচাৰ।কংগ্ৰেছ-বিজেপি দুটা দলে সমষ্টিটো দখলৰ বাবে পূৰ্ণ শক্তিৰে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।ৰাতাবাৰী সমষ্টিত আজি প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ প্ৰচাৰৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল ।সমষ্টিটোৰ নিভিয়াত পুৱা 10,30 বজাত মুখ্যমন্ত্ৰীৰ উপস্থিত হোৱাৰ কথা আছিল যদিও প্ৰায় ডেৰ ঘণ্টা পলমকৈ সভাস্থলীৰ অস্থায়ী হেলিপেডত উপস্থিত হয় মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ।এক লাখ একশষ্টি হেজাৰ ভোটাৰ থকা সমষ্টিটোৰ মূলত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে চা জনগোষ্ঠীৰ ভোটাৰে।সেয়ে মুখ্যমন্ত্ৰীয়ে নিজ ভাষণ প্ৰসংগত চা জনগোষ্ঠীৰ ভোটাৰক আকৃষ্ট কৰাটোৱেই দেখা গল।হিন্দী বাংলা অসমীয়াত প্ৰদান কৰা ভাষণত বিভিন্ন অভিলাষী আচঁনিৰে ভোটাৰক আকৃষ্ট কৰাৰ প্ৰচেষ্টা মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালৰ।ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে টাৰ্গেট কৰে বিৰোধী দল কংগ্ৰেছক।প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰীয়ে কয় ভোট বিজয় মালাকাৰক নহয় ভোট মোক দিওক ।আপোনালোকৰ সুৰক্ষাৰ দায়িত্ব মই লম।ইপিনে প্ৰখৰ ৰোদ নেওচিও সভাস্থলীত উপস্থিত আছিল যতেষ্ঠ সংখ্যক কৰ্মী সমৰ্থক।আনহাতে প্ৰাৰ্থী বিজয় মালাকাৰে নিজকে স্থানীয় হৈ থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৈ ৰাইজৰ ওচৰত ভোট বিচাৰিলে।যিহেতু স্থানীয় আৰু চালানিয়ে যথেষ্ট চৰ্চা লাভ কৰিছে সেয়ে সমষ্টিটোৰ পূৰ্বৰ বিধায়ক তথা বৰ্তমানৰ সাংসদ কৃপানাথ মাল্লাহ কলে আপোনালোকে ভোট বিজয় মালাকাৰক নহয় মোক দিওক আমি সাংসদ আৰু বিধায়ক দুটা দায়িত্ব পালন কৰিম।
অৱশেষত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাতাবাৰী সমষ্টিৰ আধুৰীয়া কাম অতিশীঘ্ৰে সম্পূৰ্ণ হব।ইয়াৰ পিছত মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ উৰা মাৰে সমষ্টিটোৰ দ্বিতীয়টো জনসভা অৰ্থাৎ শনবিল আনন্দনগৰত।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.