ETV Bharat / state

নিৰ্মাণত গাফিলতি:কৃত্ৰিম বানে উটুৱালে গড়কাপ্তানী পথ - PWD Road

ঠিকাদাৰৰ অতি নিম্ন মানৰ কামৰ বাবে বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানে কৰিমগঞ্জত উটুৱাই নিয়ে এটি গুৰুত্বপূৰ্ণ গড়কাপ্তানী পথৰ বৃহৎ অংশ ৷ ফলত জীয়াতু ভুগিবলগা হৈছে সহস্ৰাধিক লোকে ৷

Rain water washed out pwd road at karimganj assam etv bharat news
কৃত্ৰিম বানে উটুৱালে গড়কাপ্তানি পথ
author img

By

Published : Jun 3, 2020, 5:11 PM IST

কৰিমগঞ্জ, 3 জুন: বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানে কৰিমগঞ্জত উটুৱাই নিয়ে এটি গুৰুত্বপূৰ্ণ গড়কাপ্তানী পথৰ বৃহৎ অংশ ৷ ফলত বিচ্ছিন্ন হয় যাতায়াত ব্যৱস্থা ৷ ঠিকাদাৰৰ অতি নিম্ন মানৰ কামৰ বাবে সংঘটিত হৈছে এনে ঘটনা ৷ এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ফলত জীয়াতু ভুগিবলগা হৈছে সহস্ৰাধিক লোকে ৷ জানিব পৰা অনুসৰি, কৰিমগঞ্জৰ বদৰপুৰ সমষ্টিৰ মখইভাংগাৰ পৰা ভৈৰৱনগৰ সংযোগী গড়কাপ্তানী পথটো পানীয়ে উটুৱাই নিয়ে ৷ বিগত দুদিনৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত অতিৰিক্ত পানী এটা নলাৰে প্ৰবল বেগত প্ৰবাহিত হৈছিল ৷ ইয়াৰ ফলতে উটি যায় পথটোৰ একাংশ ৷

কৃত্ৰিম বানে উটুৱালে গড়কাপ্তানি পথ

আনহাতে,পথটো নিৰ্মাণৰ সময়ত বক্স কালভাৰ্ট নাইবা দলঙৰ পৰিৱৰ্তে স্থাপন কৰা হৈছিল হিউম পাইপ ৷ ইয়াক কেন্দ্ৰ কৰি ৰাইজে বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰক আপত্তি দৰ্শাইছিল যদিও ৰাইজৰ কথাত কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷ যাৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি অভিযোগ কৰে ৰাইজে ।

লগতে চাওকঃ বানৰ কৱলত চলচলিৰ দুই শতাধিক কৃষকৰ কৃষিভূমি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.