ETV Bharat / state

ক'ভিড প্ৰটকলৰ মাজেৰে কৰিমগঞ্জত মহাষ্টমী

author img

By

Published : Oct 24, 2020, 12:03 PM IST

ক'ভিড প্ৰটকলৰ মাজেৰে কৰিমগঞ্জত আয়োজন কৰা হয় মহাষ্টমী পূজা ৷ পূজা সমিতিয়ে কেতবোৰ নিয়ম মানি আয়োজন কৰে পূজা ৷

puja celebration at Karimganj
ক'ভিড প্ৰটকলৰ মাজেৰে কৰিমগঞ্জত মহাষ্টমী

কৰিমগঞ্জ, 24 অক্টোবৰ: আজি মহাষ্টমী ৷ কৰ'ণা আতংকৰ মাজতে ৰাজ্যবাসীয়ে অনুষ্টুপীয়াকৈ দুৰ্গা পূজা পালন কৰিছে যদিও শুকুৰবাৰৰ পৰা নেৰানেপেৰা বৰষুণৰ বাবে ৰাইজৰ মাজত কিছু পৰিমাণে ম্লান পৰিছে পূজাৰ উচাহ ৷

ক'ভিড প্ৰটকলৰ মাজেৰে কৰিমগঞ্জত মহাষ্টমী

আজি মহাষ্টমী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কৰিমগঞ্জতো চলিছে পূজাৰ আয়োজন ৷ জিলাখনৰ ৰামকৃষ্ণ মিছনৰ পূজাস্থলীখনত প্ৰতি বছৰে যথেষ্ট ভক্তৰ সমাগম ঘটে যদিও এইবাৰ কৰ'ণা ভাইৰাছৰ বাবে পূজাস্থলীত ভিৰ কমিছে ভক্তৰ ৷ পূজা সমিতিয়ে স্বাস্থ্য বিভাগৰ নিয়ম মানি ক'ভিড প্ৰটকলৰ মাজেৰে আয়োজন কৰিছে এই পূজা ৷ মন্দিৰৰ প্ৰৱেশ পথত প্ৰথমতে ভক্তসকলক ছেনিটাইজাৰ প্ৰদান কৰাৰ লগতে সীমিত সংখ্যক ভক্তৰ প্ৰৱেশৰ অনুমতি দিয়া হৈছে পূজাস্থলীত ৷

পূজা কমিতিয়ে অঞ্জলিৰ বাবেও গ্ৰহণ কৰিছে ব্য়তিক্ৰমী পদক্ষেপ ৷ অঞ্জলিৰ বাবে মন্ত্ৰ লিখি থোৱা হৈছে পৃথককৈ । পুৱা ৯ বজাৰ পৰা ১২ বজালৈকে ভক্ত সকলে মা দুৰ্গাৰ আশিষ বিচাৰি অঞ্জলি প্ৰদান কৰিব বুলি মন্তব্য কৰে পূজা সমিতিয়ে ।

অন্য এক খবৰৰ বাবে: দেওবাৰৰ পৰা খোল খাব মথুৰাৰ বাংকে বিহাৰী মন্দিৰৰ দুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.