কৰিমগঞ্জ,18 ছেপ্তেম্বৰঃ দক্ষিণ কৰিমগঞ্জৰ নিলামবাজাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ গাফিলতিত এগৰাকী মহিলাৰ মৃত্যুৰ অভিযোগ ৷ মহিলাগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় স্বাস্থ্য কেন্দ্ৰটোত ৷
দক্ষিণ কৰিমগঞ্জৰ নিলামবজাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ গাফিলতিৰ ফলত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ অভিযোগ ৷ পিচত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে উত্তেজিত ৰাইজে ৷ উল্লেখ্য যে,ডাঃ মৃণ্ময় দেৱৰ গাফিলতিত ৰোগীজনৰ মৃত্যু হোৱা বুলি অভিযোগ কৰে ৰাইজে ৷ তাৰোপৰি চিকিৎসালয়খনৰ চিকিৎসক ডাঃ ছাদিকুৰ ৰহমানো সুৰামত্ত হৈ থাকে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷ আনকি ৰোগীজনৰ মৃত্যু হোৱাৰ পিছতো চিকিৎসকে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা বুলি গুৰুতৰ অভিযোগ তোলে ৰাইজে চিকিৎসক ডাঃ ছাদিকুৰ ৰহমানৰ বিৰুদ্ধে ৷
আনহাতে চক্ৰ বিষয়া খালেদা চুলতানাই উক্ত ঘটনাৰ তদন্তৰ আশ্বাস দিয়াত পৰিস্থিতি শান্ত হয় যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ হাস্পতালখনত আৰক্ষীৰ লগতে অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰে ৷