কৰিমগঞ্জ, 15 জুনঃ কৰিমগঞ্জৰ নিলামবজাৰৰ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰে ৰাইজে ৷ দীৰ্ঘ দিনে বিদ্যুৎ সেৱা অনিয়মীয়া হোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ৷
কৰিমগঞ্জৰ নিলামবজাৰৰ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ত সোমবাৰে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে, জিলা খনত দীৰ্ঘ দিনৰ পৰা বিদ্যুৎ যোগান অনিয়মীয়া হৈ আহিছে বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে । 24 ঘন্টাৰ ভিতৰত ভালদৰে 4/5 ঘন্টাও বিদ্যুৎ যোগান নাথাকে বুলি অভিযোগ কৰে ৰাইজে । সামান্য বতাহ বৰষুণতেই দুই তিনি দিন পৰ্যন্ত বিদ্যুৎ বিহীন অৱস্থাত অন্ধকাৰৰ মাজতেই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে সমগ্ৰ জিলাৰ খনৰ ৰাইজে ।
আনহাতে ছাত্ৰ-ছাত্ৰীয়ে পঢ়া শুনাৰ লগতে বিভিন্ন সমস্যাৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰে ৰাইজে ৷ তাৰোপৰি বিদ্যুৎ সেৱা নাথাকিলেও মাহৰ শেষত 1000/1200 টকাৰ বিল অহা বুলি ক্ষোভ প্ৰকাশ কৰে ৰাইজে ৷ ইতিমধ্যে উক্ত ঘটনাটো বিভাগীয় কৰ্তৃপক্ষক দীৰ্ঘ দিন ধৰি অৱগত কৰি আহিছিল ৷ কিন্তু ৰাইজৰ অভাৱ অভিযোগৰ প্ৰতি কোনো সহাৰি নিদিয়াত ক্ষুব্ধ হৈ বিদ্যুৎ সংমণ্ডলৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি উত্তাল কৰি তোলে কাৰ্যালয়টোৰ চৌহদ ৷ অতি শীঘ্ৰে জিলা খনত বিদ্যুৎ যোগান ব্যৱস্থা নিয়মীয়া কৰি দিবলৈ আহ্বান জনাইছে স্থানীয় লোক সকলে ৷
লগতে পঢ়ক- জয়ন্ত বৰাৰ মৃত্যুৰ তদন্ত ঘোষণা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ