কৰিমগঞ্জ, 9মাৰ্চ: কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ ভদ্ৰগুল এলেকাত ৰাইজে নিৰ্মাণ কৰিলে এখন কাঠৰ দলং ৷ নিজৰ গাঁঠিৰ ধন ভাঙি স্থানীয় লোকে নিৰ্মাণ কৰিলে দলংখন ৷
উল্লেখযোগ্য যে, কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ ভদ্ৰগুল এলেকাত থকা প্ৰায় এহেজাৰৰো অধিক লোকৰ একমাত্ৰ যাতায়তৰ কেন্দ্ৰ হৈছে এই দলংখন ৷ দলংখন নিৰ্মাণৰ বাবে বহুবাৰ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আবেদন জনোৱা হৈছে যদিও চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৷ দলংখনৰ দুৰৱস্থাৰ বাবে প্ৰতিবছৰে গাঁওবাসীয়ে নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰি আহিছে দলংখন ৷ প্ৰতিবছৰ বাৰিষাৰ সময়ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে বিপদ সংকুল যাত্ৰা কৰিব লগা হয় দলংখনেৰে ৷ বহু সময়ত বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ তথাপিও কাণষাৰ নাই চৰকাৰৰ ৷ শেষত উপায়ন্তৰ হৈ গাঁওবাসীয়ে নিজেই নিৰ্মাণ কৰে দলংখন ৷
অন্য এক খবৰৰ বাবে:খহনীয়াগ্ৰস্ত মাজুলীবাসীৰ হুমুনিয়াহবোৰ কোনে শুনিব !
ইফালে, কাঠৰ দলং হোৱা হেতুকে প্ৰতিবছৰে ভাঙি যায় দলংখন ৷ যাৰ বাবে এতিয়া চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দলংখন পকীকৰণ কৰাৰ বাবে দাবী জনাই গাঁওবাসীয়ে ৷