কৰিমগঞ্জ,22 মেঃ দূৰ্ঘটনাত নিহত হোৱা মহিলাৰ মৃতদেহৰ সৈতে কৰিমগঞ্জৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৰাইজৰ । কৰিমগঞ্জৰ চৰিছা এলেকাত পথৰ মাজত মৃতদেহ ৰাখি আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷
উল্লেখ্য যে, চৰিছা এলেকাত বহস্পতিবাৰে ই-ৰিক্সা আৰু অটোৰ মুখামুখি সংঘৰ্ষত আন চাৰিজন আহত হোৱাৰ লগতে পথৰ দাতিত থিয় ৰৈ থকা ইলা ৰানী দে নামৰ এগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈছিল । আহত মহিলাগৰাকীক শিলচৰ মেডিকেল কলেজলৈ লৈ যোৱাৰ সময়তেই মহিলাগৰাকীৰ মৃত্যুমুখত পৰে ।
উক্ত ঘটনাত ক্ষুব্ধ হৈ মহিলাগৰাকীৰ মৃতদেহৰ সৈতে শতাধিক ৰাইজ একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে । অৱশেষত, কৰিমগঞ্জৰ চক্ৰ বিষয়া আৰু সদৰ থানাৰ আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ লগত জড়িত চালকক শাস্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত পথটো অৱৰোধমুক্ত কৰি দিয়ে প্ৰতিবাদকাৰী সকলে । অতি শীঘ্ৰ উক্ত ঘটনা সংঘটিত কৰা চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই স্থানীয় ৰাইজে ।
লগতে পঢ়ক- পদপথত দুই ভগ্নীৰ জীৱন সংগ্ৰাম