বদৰপুৰ, 4 আগষ্ট : তিনি তালাক আইন 2019 ৰ বিৰোধিতা ৷ তিনি তালাক আইনৰ ঘোৰ বিৰোধিতা কৰে উত্তৰপূৰ্ব ভাৰতৰ এমাৰতে শৰয়ীয়া আৰু নদওয়া তুত তামিৰ নামৰ সংগঠনটোৱে ৷ দেওবাৰে বদৰপুৰত উক্ত সংগঠনৰ কাৰ্য্যালয়ত এক সংবাদ মেল যোগে কৰ্মকৰ্তা সকলে কয় যে, তিনি তালাক আইন 2019ৰে বৰ্তমান চৰকাৰে মুছলিম মহিলা সকলক বিপদত পেলাব খুজিছে ৷ কিয়নো পৰিয়ালৰ মাজত স্বাভাৱিকতে নাৰী মাজত পুৰুষৰ কাজিয়া হ'ব পাৰে অথবা এজন আনজনৰ মতৰ অমিল হ'ব পাৰে ফলত এজন আন জনক ত্যাগ কৰিব পাৰে ৷ কিন্তু এই আইনে মহিলাসকলক বিবাহ বিচ্ছেদ কৰাত সমস্যাৰ সৃষ্টি কৰিব দুৰ্ভগীয়া মহিলা সকলে আত্মহত্যা পথ ল'ব পাৰে বুলিও মন্তব্য কৰে৷
উল্লেখযোগ্য যে, মুছলিম মহিলাৰ সুৰক্ষাৰ বাবে প্ৰণয়ন কৰা তিনি তালাক আইন 2019 বিৰোধিতা কৰি সংগঠনটোৱে এই আইনৰ দ্বাৰা মহিলাসকল বিপদত পৰা বুলিহে দাবী কৰিছে ৷ কিন্তু ইয়াৰ বিপৰীতে, ইতিমধ্যে অসমৰে হোজাই জিলাত তিনি তালাক মানি নোলোৱাৰ বাবেই স্বামীৰ দ্বাৰা পত্নীক হত্যাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে ৷