ETV Bharat / state

টিভিৰ দোকানত কি কাম শিক্ষকৰ!

author img

By

Published : Mar 15, 2019, 4:21 PM IST

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে লৰা-ধেমালি প্ৰশাসনৰ৷

etv bharat

কৰিমগঞ্জ, 15 মাৰ্চ : নিৰ্বাচন চমু চপাৰ লগে-লগে ভোটৰ ৰাজনীতিত ব্যস্ত ৰাজ্য প্ৰশাসন৷ যাৰ বাবে শিক্ষা বিভাগেও মূৰ তুলি চোৱা নাই বিদ্যালয়-মহাবিদ্যালয়লৈ৷ প্ৰশাসনৰ হেমাহিত তুলুঙা নাৱত এতিয়া গতি কৰিছে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ শিক্ষা বিভাগ৷

karimganj

কৰিমগঞ্জ জিলাৰ একাংশ বিদ্যালয়ে শিক্ষা বিভাগৰ অবহেলাত ধাৱিত হৈছে নিম্ন পৰ্যায়লৈ৷ পাথাৰকান্দি প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ ছোট হাতাইছৰা প্ৰাথমিক বিদ্যালয়ত নাথাকে এজনো শিক্ষক৷ বিদ্যালয়খনত নাই মধ্যাহ্ণ ভোজনৰো ব্যৱস্থা৷ ঠিক তেনেদৰে 18 নং লাইন দক্ষিণ হাতিখিৰা প্ৰাথমিক বিদ্যালয়তো শিক্ষকলৈ অপেক্ষা কৰি বহি থাকিবলগীয়াত পৰে ছাত্ৰ-ছাত্ৰীয়ে৷ কিন্তু বিদ্যালয়লৈ খুব কমেইহে আহে ছাৰ-বাইদেউ৷ বিদ্যালয়খনৰ অভিভাৱকৰ অভিযোগ অনুসৰি পাঠদানৰ পৰিৱৰ্তে নিজৰ টিভি দোকানতহে থাকে শিক্ষক ৰৱীন্দ্ৰ ত্ৰিপুৰা৷ এই দুয়োখন বিদ্যালয়ৰ লগতে 20 নং লাইন প্ৰাথমিক বিদ্যালয়ৰো অৱস্থা একেই শোচনীয়৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক এন আৰ চি দায়িত্বত থকাৰ লগতে বাকী তিনিজন শিক্ষকৰ সময় নাই বিদ্যালয়লৈ অহাৰ৷ গতিকে শিক্ষক অবিহনেই দিনৰ দিনটো বিদ্যালয়ত বোন্দাপৰ দিয়ে ছাত্ৰ-ছাত্ৰীয়ে৷ শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ ঢাক-ঢোল পিটা বিজেপিৰ শাসনত এনেদৰেই এতিয়া চলিছে মেৰুদণ্ডহীন শিক্ষা ব্যৱস্থা৷

Slug.Current education system.

একাংশ ফাঁকিবাজ শিক্ষকৰ কাৰণে আজি প্ৰশ্ন চিহ্নৰ মুখত ৰাজ্যেৰ শিক্ষা ব্যবস্থা।কনকন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰৰ মুখত ঠেলি দিয়া হৈছে।আজি আমি দেখুৱাম কেনেদৰে চলিছে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ শিক্ষা ব্যৱস্থা।ফাষ্ট স্নেপ শট কৰিমগঞ্জৰ পাথাৰকান্দি প্ৰাথমিক শিক্ষা খণ্ডৰ অধীন ছোট হাতাইছৰা প্ৰাথমিক বিদ্যালয়।তেতিয়া 9 বাজি 5 মিনিট তেতিয়াও বন্ধ বিদ্যালয়।স্থানীয় অভিবাবকৰ অভিযোগ এজন শিক্ষক আছে তেওঁৰ নাম ৰামেশ্বৰ সিংহ।তেওঁ নামেই স্কুলত আহে আহি টুপুনিত যায়।কেতিয়াবা বেল মাৰি স্কুল বন্ধ কৰি আকৌ ঘৰত ঘূচি যায়।সদায় স্কুলতো না আহে।নাই মিডডে মিল।
স্নেপশট দুই ,স্কুলৰ নাম 18 নম্বৰ লাইন দক্ষিণ হাতিখিরা এলপি স্কুল। তেতিয়া 9 টা বাজি 20 মিনিট ছাত্ৰছাত্ৰী সকলো বহি অপেক্ষাত স্যাৰৰ কিন্তু ৰবীন্দ্ৰ ত্ৰিপুৰা নামৰ স্যাৰ জন কেতিয়া আহে কোনে জানে ।স্যাৰৰ শিক্ষকতাৰ পেশাৰ লগে লগে আন এটা পেচাও যেন আছে তেওঁ এজন ভাল টিভি মেকানিষ্ক।পিছে আমি অপেক্ষা কৰিলোঁ স্যাৰৰ কিন্তু বিচাৰি নাপালো।এই স্কুলত অৱশ্যে বহু অসুবিধা 73 গৰাকী ছাত্ৰছাত্ৰীক অকলে পাঠদান দিবলাগে স্যাৰ ৰবীন্দ্ৰৰ।টিভি মেকানিষ্কৰ লগে লগে শিক্ষকতা স্যাৰৰ কাৰণে বহু কষ্ট।গতিকে স্কুল খনৰ সভাপতি গৰাকীয়ে দাবী জনাইছে স্কুলখনত যাতে পৰ্যাপ্ত শিক্ষক দিয়া হয় লগতে ডেক্স বেঞ্চৰ।ডেক্স বেঞ্চৰ অভাৱৰ মাটিত বহি পৰিব লগা হয় বহু ছাত্ৰ ছাত্ৰীৰ।
স্নেপশট তিনি
স্কুলৰ নাম 751 নম্বৰ বিশ নম্বৰ লাইন এলপি স্কুল
এই বিদ্যালয়ত ছাত্ৰছাত্ৰীৰ সংখ্যা মোট 75 গৰাকী ।শিক্ষক শিক্ষিকা সৰ্বমুঠ চাৰিগৰাকী।প্ৰধান শিক্ষক এন আৰ সি ডিউটিত আন তিনিজনৰ ভিতৰত এজন প্ৰতিদিনে আহে বাকী দুজন আহে মাজে মাজে।তাৰ ভিতৰত এজন টেট শিক্ষয়িত্ৰী তেওঁ মাহৰ ভিতৰত তিনি চাৰিদিন আহে ।এনেদৰেই চলিছে ৰাজ্যেৰ শিক্ষা ব্যৱস্থা।

কৰিমগঞ্জৰ পৰা বিশ্বপ্ৰতাপ নাৰায়ণ চক্ৰৱৰ্তী ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.