কৰিমগঞ্জ,6 অক্টোবৰ: বিগত প্ৰায় 12 বছৰে বিধ্বস্ত অৱস্থাত আছে কৰিমগঞ্জৰ পোয়ামৰাৰ পৰা দক্ষিণ কৰিমগঞ্জৰ বাটইয়া সংলগ্ন প্ৰায় 20 কিল’মিটাৰ পথ ৷ অসম-ত্ৰিপুৰা সংযোগী 8নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই পথছোৱা অতিক্ৰম কৰিবলৈ প্ৰয়োজন হয় প্ৰায় ডেৰ ঘণ্টা সময় ৷ প্ৰতিদিনে শ শ বাহন চলাচল কৰা এই পথছোৱা নিৰ্মাণৰ দাবীত সময়ে সময়ে সাব্যস্ত হৈ আহিছে প্ৰতিবাদ ৷ ঘাইপথটোৰ এই বিধ্বস্ত অৱস্থাৰ বাবে প্ৰায়ে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা ৷ বিগত সময়ছোৱাত ৰাজ্যত কংগ্ৰেছ দলে শাসনভাৰ চম্ভালাৰ সময়ত এই পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল ওড়িশাৰ এআৰএছএছ নামৰ এটা সংস্থাই ৷ কিন্তু ৰাজনৈতিক মেৰপেচৰ বাবে এই পথ মেৰামতিৰ কাম সম্পূৰ্ণ হৈ নুঠিল বুলি অভিযোগ উত্থাপিত হৈছে ৷ পথটো পুনৰ নিৰ্মাণৰ বাবে ধনৰ আৱণ্টন হোৱাৰ কথা পোহৰলৈ আহিছে যদিও মেৰামতিৰ নামত কেইটামান শিলগুটি পথত পেলোৱাৰ পিছত আগবঢ়া নাই কোনোধৰণৰ কাম ৷ বৰ্তমান পথটোৰ অৱস্থা যথেষ্ট শোচনীয় হৈ পৰাত হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাইজ ৷
লগতে চাওকঃ SI কাণ্ডৰ মূল অভিযুক্ত পি কে দত্তক গ্ৰেপ্তাৰ