কৰিমগঞ্জ,5 মে’ঃ সোমবাৰে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ হৈছিল গুটখাৰ লগতে চিগাৰেটৰ অবৈধ বেহাত জড়িত এখন ট্ৰাক ৷ ইয়াৰ পিছতে গুটখা ব্যৱসায়ীৰ বিৰুদ্ধে অধিক কঠোৰ হৈছিল আৰক্ষী ৷ স্থানীয় আৰক্ষী আৰু দণ্ডাধীশৰ নেতৃত্বত চলোৱা এই অভিযানে বৰ্তমান অন্য এক মোৰ লৈছে ৷ আৰক্ষীৰ অভিযানৰ পিছৰ পৰা লোকনাথ এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ দুজনকৈ স্বত্বাধিকাৰী ভাতৃ সম্প্ৰতি পলাতক অৱস্থাত আছে ।
আনহাতে,ঘটনাত জড়িত ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰাৰ লগতে ব্যৱসায়ী দুজনৰ বহুকেইটা ব্যৱসায়িক প্ৰতিষ্ঠান দণ্ডাধীশৰ উপস্থিতিত ছীল কৰে ৷ জব্দকৃত ট্ৰাকখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 20 লক্ষাধিক মূল্যৰ বৃহৎ পৰিমাণৰ বিড়ি আৰু চিগাৰেটৰ কাৰ্টুন ৷ কিন্তু ক’লা বজাৰত সামগ্ৰীখিনিৰ মূল্য প্ৰায় 35-40 লাখ টকা হ’ব বুলি অনুমান কৰা গৈছে । উক্ত ঘটনাৰ পিছত আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ তৰি ব্যৱসায়ী দুজনৰ সন্ধান প্ৰসংগত তদন্ত অব্যাহত ৰাখিছে ৷ কৰিমগঞ্জ আৰক্ষী চকীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিৰঞ্জন নাথে অধিক তথ্য লাভৰ বাবে অভিযান অব্যাহত থকাৰ কথা সদৰী কৰে ৷ ইপিনে জিলা উপায়ুক্ত আন্বামুথানে কাৰ্যালয়ৰ সংসদীয় সভাগৃহত সম্বোধন কৰা এক সংবাদমেলত ৰহস্যজনক স্থিতি গ্ৰহণ কৰি ঘটনাটোৰ অভিযুক্ত সন্দৰ্ভত মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে ৷