কৰিমগঞ্জ, 7 চেপ্টেম্বৰ: লকডাউন প্ৰত্যাহাৰ হোৱাৰ পিছত স্বাভাৱিক অৱস্থালৈ যেন ঘূৰি আহিছে কৰিমগঞ্জ জিলা । লক ডাউন প্ৰত্যাহাৰৰ পাছতে এক প্ৰকাৰে চৰকাৰী নিৰ্দেশনাক কেৰেপ নকৰি মাস্ক নিপিন্ধাকৈ তথা সামাজিক দূৰত্বৰ নিয়মত উলংঘা কৰি কৰিমগঞ্জ চহৰত চলাচল কৰিছে একাংশ লোকে ৷
কৰ‘ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰে জাৰি কৰা সতৰ্কতামূলক নিৰ্দেশনাসমূহক উলংঘা কৰা এনে লোকৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে কৰিমগঞ্জ আৰক্ষী ৷ কৰিমগঞ্জ সদৰ আৰক্ষীয়ে এতিয়া মাস্ক নিপিন্ধা তথা সামাজিক দূৰত্বৰ নিয়মক উলংঘাকাৰী সকলৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান ৷
উল্লেখ্য যে, কৰিমগঞ্জৰ লগতে ৰাজ্য অন্যান্য চহৰসমূহতো তেনে নিয়ম নমনা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন ৷
লগতে পঢ়ক: পুনৰ বৃদ্ধি পালে ডিজেল আৰু পেট্ৰলৰ দৰৰ ব্যৱধান