কৰিমগঞ্জ, 20 ছেপ্তেম্বৰ: প্ৰতিদিনেই ব্যাপক হাৰত ৰাজ্যজুৰি কৰ'ণা মহামাৰীৰ সংক্ৰমণ অব্যাহত আছে ৷ তেনে সময়তে COVID প্ৰট'কল উলংঘা কৰি নিজৰ কাৰ্যকলাপ অব্যাহত ৰাখিছে একাংশ লোকে ৷ যাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত COVID প্ৰট'কল ভংগ কৰা লোকৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হৈছে আৰক্ষীক ৷ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ পাথাৰকান্দি চহৰতো দেওবাৰে COVID প্ৰট'কল ভংগ কৰা লোকৰ পৰা জৰিমনা বিহে আৰক্ষীয়ে ৷
আনহাতে একেটা দিনতে একেটা স্থানতে দেখিবলৈ পোৱা গ'ল এক বিপৰীত দৃশ্য ৷ সাধাৰণ লোকৰ সমান্তৰালকৈ খোদ আৰক্ষীয়েও উলংঘা কৰিলে COVID প্ৰট'কল ৷ যাক লৈ শংকিত হৈ পৰিছে সচেতন ৰাইজ ৷