ETV Bharat / state

বদৰপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত দুৰ্নীতিৰ অভিযোগ - এংলাৰ বাজাৰ গাঁও পঞ্চায়ত

কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে দেশৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে বিভিন্ন সময়ত বিভিন্ন আঁচনি ৰূপায়ন কৰি আহিছে ৷ কিন্তু একাংশ জনপ্ৰতিনিধিয়ে কৰা দুৰ্নীতিৰ ফলত আঁচনিৰ সুবিধাসমূহ প্ৰকৃত হিতাধিকাৰীয়ে লাভ নকৰাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈ আহিছে ৷

PMAY corruption in Karimganj
বদৰপুৰত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নামত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Jun 5, 2021, 10:49 PM IST

কৰিমগঞ্জ, 5 জুন: কৰিমগঞ্জৰ বদৰপুৰ খণ্ড উন্নয়নৰ অধীনত এংলাৰ বাজাৰ গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাকলৈ ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপন হৈছে ৷ গাঁও পঞ্চায়তখনৰ ৫ নং ৱাৰ্ডৰ আমীৰ আলী নামৰ এজন ব্যক্তিয়ে উত্থাপন কৰিছে এই অভিযোগ ৷

দীৰ্ঘ সময় ধৰি লোকজনে পঞ্চায়তৰ সভানেত্রীৰ ওচৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰৰ বাবে আবেদন কৰি আহিছে যদিও সভানেত্ৰীগৰাকীয়ে কেৱল আশ্বাস দি অহাৰ অভিযোগ পোহৰলৈ আহিছে ৷ এতিয়া ভুক্তভোগী লোকজনে জনপ্ৰতিনিধিগৰাকীৰ পৰা কোনো সঁহাৰি নাপাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত ঘৰ প্ৰদান কৰিবলৈ দাবী জনাইছে ৷

উল্লেখ্য যে, কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে দেশৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে বিভিন্ন সময়ত বিভিন্ন আঁচনি ৰূপায়ন কৰি আহিছে ৷ কিন্তু একাংশ জনপ্ৰতিনিধিয়ে কৰা দুৰ্নীতিৰ ফলত আঁচনিৰ সুবিধাসমূহ প্ৰকৃত হিতাধিকাৰীয়ে লাভ নকৰাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈ আহিছে ৷

লগতে পঢ়ক: ৰাইমনা অভয়াৰণ্যলৈ ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.