কৰিমগঞ্জ, 9 জুলাই : বাংলাদেশৰ যুৱতীক ব্লেকমেইলিং কৰি ৰঙাঘৰৰ আলহী কৰিমগঞ্জৰ যুৱক । বাংগালুৰুৰ এখন হোটেলত যুৱতীগৰাকীৰে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল কৰিমগঞ্জৰ যুৱক বিলাল উদ্দিনে ৷ পাছত দুয়োৰে অন্তৰংগ মৃহূৰ্তৰ ছবি ভাইৰেল কৰি দিয়াৰ ভাবুকিৰে যুৱতীগৰাকীক ব্লেকমেইল কৰি টকা আদায় কৰি আহিছিল বিলালে ।
কৰিমগঞ্জৰ যুৱক বিলাল উদ্দিনে বেংগালুৰুত এখন হোটেলত গাড়ী চালক হিচাপে কাম কৰিছিল । 2019 চনত বাংলাদেশৰ যুৱতীগৰাকীয়ে অসুস্থ পিতৃক চিকিৎসাৰ বাবে বাংগালুৰুলৈ আহি সেই হোটেলখনত আছিল । প্ৰায় তিনি মাহ হোটেলত কটোৱাৰ পাছত বিলালৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে যুৱতীগৰাকীৰ ৷ পাছত যুৱতীগৰাকীক বাংলাদেশলৈ উভতি গ'লে দুয়োৰে অন্তৰংগ মূহূৰ্তৰ ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিয়াৰ ভাবুকি দিয়ে বিলালে ।
ইতিমধ্যে লক ডাউনৰ ফলত কাম এৰি কৰিমগঞ্জৰ নিজা ঘৰত আছিলেহি বিলাল । এই সুযোগতে যুৱতীগৰাকীয়ে বিলালৰ ব্লেকমেইলিংৰ বাবে টকা আদায় দিয়াসহ আন আন তথ্য উল্লেখ কৰি গুৱাহাটীস্থিত বাংলাদেশৰ উপ উচ্চ আয়ুক্তক এখন লিখিত অভিযোগনামা দাখিল কৰে । বাংলাদেশৰ উপ উচ্চ আয়ুক্তই এই সন্দৰ্ভত অসম আৰক্ষীক অৱগত কৰাত মঙলবাৰে কৰিমগঞ্জ চহৰৰ লংগাই ৰোডৰ জাহাপুৰৰ পৰা বিলালক আটক কৰে আৰক্ষীয়ে ।
লগতে পঢ়ক : বিলাসীপাৰাত উদ্ধাৰ অচিনাক্ত মৃতদেহ