পাথাৰকান্দি, 19 জুন : আছে গৰু নাবাই হাল তেন্তে তেনে গৰু থকাতকৈ নথকাই ভাল ৷ এই কথাষাৰিয়ে যেন আখৰে আখৰে প্ৰতিপন্ন হৈছে পাথাৰকান্দি পাৱাৰ হাউচৰ ক্ষেত্ৰত ৷ উৎকট গৰমে ৰাজ্যবাসীক দহাৰ সময়তে বিগত চাৰিদিন ধৰি বিদ্যুৎ যোগান বন্ধ হৈ পৰিছে পাথাৰকান্দি পাৱাৰ হাউচৰ কাষতে থকা গাঁৱত । আবেদন নিবেদন কৰিও কৰ্তৃপক্ষৰ পৰা কোনোধৰণৰ সঁহাৰি লাভ নকৰি ক্ষোভিত হৈ পৰা অঞ্চলটোৰ ৰাইজে তলা ওলোমালে পাথাৰকান্দি বিদ্যুৎ বিতৰণ সংস্থাৰ কাৰ্যালয়ত ৷ বহু চেষ্টা কৰিও কাৰ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰে কৰ্মীকে ধৰি বিভাগীয় আধিকাৰীকসকল । পাচত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে চক্ৰ বিষয়াৰ পৰা দুদিনৰ সময় বিচাৰে কাৰ্যালয়ৰ ইঞ্জিনীয়াৰে । লগতে দুদিনৰ ভিতৰত ট্ৰান্সফৰ্মাৰ লগোৱা হ'ব বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰাতহে খাম কাটে পৰিস্থিতি৷
অতিষ্ঠ ৰাইজঃ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত ওলোমালে তলা - assam
চাৰিদিন ধৰি বিদ্যুৎ যোগান বন্ধ পাথাৰকান্দি পাৱাৰ হাউচৰ কাষৰীয়া থকা গাঁৱত ৷ উপায়ন্তৰ ৰাইজে কাৰ্যালয়ত ওলোমালে তলা ৷
পাথাৰকান্দি, 19 জুন : আছে গৰু নাবাই হাল তেন্তে তেনে গৰু থকাতকৈ নথকাই ভাল ৷ এই কথাষাৰিয়ে যেন আখৰে আখৰে প্ৰতিপন্ন হৈছে পাথাৰকান্দি পাৱাৰ হাউচৰ ক্ষেত্ৰত ৷ উৎকট গৰমে ৰাজ্যবাসীক দহাৰ সময়তে বিগত চাৰিদিন ধৰি বিদ্যুৎ যোগান বন্ধ হৈ পৰিছে পাথাৰকান্দি পাৱাৰ হাউচৰ কাষতে থকা গাঁৱত । আবেদন নিবেদন কৰিও কৰ্তৃপক্ষৰ পৰা কোনোধৰণৰ সঁহাৰি লাভ নকৰি ক্ষোভিত হৈ পৰা অঞ্চলটোৰ ৰাইজে তলা ওলোমালে পাথাৰকান্দি বিদ্যুৎ বিতৰণ সংস্থাৰ কাৰ্যালয়ত ৷ বহু চেষ্টা কৰিও কাৰ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰে কৰ্মীকে ধৰি বিভাগীয় আধিকাৰীকসকল । পাচত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে চক্ৰ বিষয়াৰ পৰা দুদিনৰ সময় বিচাৰে কাৰ্যালয়ৰ ইঞ্জিনীয়াৰে । লগতে দুদিনৰ ভিতৰত ট্ৰান্সফৰ্মাৰ লগোৱা হ'ব বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰাতহে খাম কাটে পৰিস্থিতি৷
কথাত আছে মাতৃ শক্তি জাগিলে সকলো সম্ভৱ।আৰু আজি মহিলা সকল জাগি উঠাৰ ফলত গা লৰিল বিদ্যুৎ বিভাগৰ।প্ৰচণ্ড গৰমৰ দিনত চাৰিদিন ধৰি বিদ্যুৎ পৰিষেবা না পাই প্ৰতিবাদ মুখৰ হৈ পৰিল প্ৰমিলা বাহিনী।আজি চাৰিদিন ধৰি বিদ্যুত নাই পাথাৰকান্দি পাওয়াৰ হাউচৰ কাষতে থকা গাঁওত।আবেদন নিবেদন কৰিও যে গুৰুত্ব পোৱা নাই গাঁও খনৰ ৰাইজে।ফলত আজি ক্ষোদ্ধ হৈ পৰে গাওঁৰ মহিলা সকল।ৰাতিপুৱা 8 বজাত সকলো মহিলা উলিয়াই আহি পাথাৰকান্দি বিদ্যুৎ বিতৰণ সংস্থাৰ কাৰ্যালয়ত তলা ওলোমাই দিয়ে ।বহু চেষ্টা কৰিও কাৰ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰে কৰ্মীকে ধৰি বিভাগীয় আধিকাৰীক সকল।পিছত কাৰ্যালয়ৰ সম্মখত মতায়ন কৰা হয় আৰক্ষীৰ লগতে অসামৰিক বাহিনী।পিছতে চাৰ্কুল অফিচাৰৰ পৰা দুদিন সময় বিচাৰে কাৰ্যালয়ৰ ইঞ্জিনীয়াৰে ।তেওঁ জনায় দুদিনৰ ভিতৰত ট্ৰেন্সফাৰ্মাৰ লগোৱা হব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছত সাত ঘণ্টা পিছত তলা খোল খায়।পিছত প্ৰমিলা বাহিনীয়ে সকয়নী দিয়ে দুদিনৰ পিছত ট্ৰেন্সফাৰ্মাৰ লগোৱা নহলে আন্দোলন আৰু বৃহত্তৰ কৰিব।
পাথাৰকান্দিৰ পৰা সঞ্জীত কৈৰী ইটিভি ভাৰত অসম।Conclusion: