কৰিমগঞ্জ,24ছেপ্তেম্বৰঃ ঘন্টাজোৰা বিদ্যুৎ সেৱা কৰ্তনৰ ফলত দীৰ্ঘদিন ধৰি চৰম হাৰাশাস্তি ভোগ কৰি অহা কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ ৰাইজে বৃহস্পতিবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ পাথাৰকান্দিৰ লোৱাইৰপোৱা অঞ্চলটোৰ স্থানীয় ৰাইজে লোৱাইৰপোৱাৰ বিদ্যুৎ যোগান বিভাগৰ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে তলা লগায় প্ৰতিবাদকাৰীসকলে ৷ 24 ঘন্টাৰ ভিতৰত বিভাগৰ যি সমূহ যান্ত্ৰিক বিজুতি আছে সকলোবোৰ বিষয়ৰ ওপৰত তদন্ত কৰি দোষী বিষয়াৰ ওপৰত সোনকালে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷
প্ৰতিবাদকাৰীৰ অভিযোগ, লোৱাইৰপোৱা বিদ্যুৎ বিভাগৰ কাৰ্যালয়টোত বিগত বহু দিনৰ পৰা এক অৰাজকতা চলি আছে ৷ যাৰ বাবে সমস্য়াৰ সন্মুখীন হ'ব লগা হৈছে সাধাৰণ ৰাইজ ৷ বিভাগটোৰ গাফিলতিৰ বাবে বৰ্তমান সময়ত শিক্ষাৰ্থী সকলেও বিদ্যুতৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ উল্লেখযোগ্য যে, বিভিন্ন সময়ত সমস্য়া সমাধানৰ দাবীত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে যদিও বিভাগটোৱে কোনো গুৰুত্ত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰাৰো অভিযোগ স্থানীয় ৰাইজৰ ৷
আনহাতে, 2 ঘণ্টা ধৰি তলা লগাই ৰখা এপিডিচিএল কাৰ্যালয়ত বাজাৰিছড়া থানাৰ আৰক্ষী বিষয়া উপস্থিত হৈ বিদ্যুৎ বিভাগৰ সৈতে আলোচনা কৰি স্থানীয় ৰাইজৰ সমস্যাৰ সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে ৷
লগতে পঢ়কঃবিধ্বংসী ৰূপ ধাৰণ আই নদীৰ খহনীয়াৰ