কৰিমগঞ্জ, 4 নবেম্বৰ : ত্ৰিপুৰাৰ ধৰ্মনগৰৰ চন্দ্ৰপুৰত যুৱকৰ সলিল সমাধি ৷ চন্দ্ৰপুৰৰ 5 নং ৱাৰ্ডত এটা ঘৰত পিতৃৰ সৈতে ভাড়াতীয়া হিচাপে আছিল ৰূপক নাথ নামৰ যুৱকজন ৷ যুৱকজনৰ আচলঘৰ পনীসাগৰ থানাৰ অন্তৰ্গত তিলথ্যেৰ ৱেতানগীত ৷ মঙলবাৰে পুৱা গা ধুবলৈ গৈ নিখোজ হয় যুৱকজন ৷ পিতৃয়ে বহু বিচাৰ-খোচাৰ চলায় যদিও সন্ধান লাভ নকৰিলে ৰূপমৰ ৷
কিছুপৰ পাচত ঘৰৰ কাষৰে পুখুৰীত যুৱকজনক ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয়লোকে ৷ ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনী আহি যুৱকজনক উদ্ধাৰ কৰে ৷ যুৱকজনক জিলা হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে যুৱকজনক ৷ পৰৱৰ্তী সময়ত যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক গটাই দিয়া হয় ৷
লগতে পঢ়ক : বকোত বালি ভৰ্তি ট্ৰাক জব্দ